পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী৷


নিষ্পাপ হয় আৰু স্বৰ্গ কামনা কৰে। সেই সকামপুৰুষ সকলে স্বৰ্গলাভ কৰি দিব্য সুখ ভোগ কৰে।”

( গীতা, ৯৷২০ )

কিন্তু,—“তে তং ভুক্তা স্বৰ্গলোকং বিশালং
ক্ষীণে পুণ্যে মৰ্ত্ত্যলোকং বিশন্তি।
এবং ত্ৰয়ীধৰ্ম্মামনুপ্ৰপন্না
গভাগভং কামকামা লভন্তে॥” ( গীতা ৯৷২১)

 অৰ্থাৎ, “পিচত নানা ৰকম স্বৰ্গসুখ ভোগ কৰি পুণ্য ক্ষয় হলে আকৌ মৰ্ত্ত্যভূমিত জন্ম লয়। এনেকৈ স্বৰ্গকামনা কৰি বেদপ্ৰতিপাদ্য কৰ্ম্মৰ অনুষ্ঠান কৰিলে সংসাৰত বাৰ বাৰ অহা যোৱা কৰিবলগীয়া হয়।’’ অৰ্থাৎ জন্ম-মৃত্যুৰ হাত সাৰিব নোৱাৰে। আকৌ,—

“যান্তি দেৱব্ৰতা দেৱান্, পিতৃন্ যাতি পিতৃব্ৰতাঃ।
ভূতানি যান্তি ভূতেজ্যা যান্তি মদ্যাজিনোহপি মাম্॥”

(গীতা, ৯৷২৫)

 অৰ্থাৎ, দেৱতা পূজোতাসকলে মৰণান্তত দেৱতাক পায়, পিতৃগণৰ পূজোতাসকল পিতৃলোকলৈ যায়, ভূতসৱক পূজাকাৰীসকল ভূতক পায় আৰু মোক ভজনা কৰা লোকে মোক পায়।” এতেকে কৰ্ম্ম-কাণ্ডৰ অনুষ্ঠান ব্যৰ্থ। জ্ঞানৰ কথা তেনে নহয়। গীতাত কৈছে :—