পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

“যজ্ জ্ঞাত্বা ন পুনৰ্মোহমেহং যাস্যসি পাণ্ডৱ৷
যেন ভূতন্যিশেষেণ দ্ৰক্ষ্যস্যাত্মন্যথে ময়ি॥
অপি চেদসি পাপেভ্যঃ সৰ্বেভ্য: পাপকৃত্তমঃ।
সৰ্ব্বং জ্ঞানপ্লবেনৈ। বৃজিনং সংতৰিষ্যসি॥”

(গীতা, ৪

 অৰ্থাৎ, “হে পাণ্ডৱ! যি জ্ঞান পালে তুমি আৰু মোহাভিভূত নহবা আৰু যি জ্ঞানৰ বলত সকলো প্ৰাণীতে নিজ আত্মা আৰু পৰমাত্মা ভিন্ন ৰূপে দেখিবা। যদি তুমি আন পাপীতকৈ বেচি পাপাচাৰীও হোৱা তথাপি সেই পাপসাগৰ এই জ্ঞান-ৰূপ নাৱেৰে অনায়াসে পাৰ হব পাৰিবা।” এতেকে দেখা যায় জ্ঞানৰ দ্বাৰা ঈশ্বৰ লাভ হয়।

 কিন্তু শ্ৰতি আদি আন শাস্ত্ৰত পোৱা যায় যে—

“ন ক্ৰিয়া কৃত্যনপেক্ষাজ্ জ্ঞানৱৎ৷’’

(শাত্তিল্য সূত্ৰ, ১

“ন কৰ্ম্মণা ন প্ৰজ্ঞয়া ধনেন ত্যাগেনৈকেহংমৃতহমানাশু-

ৰিত্যাদি শ্ৰুতিভ্যঃ।” (তেত্তিঃ আৰণ্যক)।

 অৰ্থাৎ বৈদিক ক্ৰিয়াৰ আৱশ্যক নাই, জ্ঞানো নালাগে, ধন আৰু দানৰো আৱশ্যক নাই; ভক্তিয়ে সাৰ। ভক্তিহীন জ্ঞানে মানৱৰ গতি সাধিব নোৱাৰে। বৰঞ্চ ভক্তিৰ-