পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী৷


৪। কৰ্ম্ম-যোগ, জ্ঞান-যোগ আৰু ভক্তি-যোগ।

গীতাত কৈছে :—

অক্ষৰং ব্ৰহ্ম পৰমং স্বভাৱোহধ্যাত্মমুচ্যতে।
ভূতভাবোদ্ভৱকৰো বিসৰ্গঃ কৰ্ম্ম সংজ্ঞিতঃ॥ (গীঃ, ৮৷৩)

 অৰ্থাৎ, “যোনে পৰম অক্ষৰ তেঁৱে ব্ৰহ্ম, স্বভাৱেই অধ্যাত্ম আৰু প্ৰাণীসৱৰ উৎপত্তি আৰু বৃদ্ধিকৰ যজ্ঞই, কৰ্ম্ম বুলি কথিত হয়।” অৰ্থাৎ ইন্দ্ৰ, অগ্নি আদিৰ উদ্দেশ্যে যাগ-যজ্ঞ, হোম, দানাদি যি অনুষ্ঠিত হয় সেয়ে কৰ্ম্ম। কাম্য কৰ্ম্মৰ বিষয়ে কৈছে :—

কামৈস্তৈৰ্স্তৈহৃতজ্ঞানাঃ প্ৰপদ্যন্তেহন্য দেৱতাঃ।
তং তং নিয়মমাস্থায় প্ৰকৃত্যা নিয়তা স্বয়া॥

(গীতা, ৭৷২০ )

 অৰ্থাৎ “কামনাৰ দ্বাৰা যিসৱৰ তত্ত্বজ্ঞান নষ্ট হৈছে, সিহঁতে সিহঁতৰ পূৰ্ব্ব পূৰ্ব্ব বাসনানুসাৰে নিয়মাদিৰ আশ্ৰয় লৈ অন্যদেৱতাক উপসনা কৰে।”

 আকৌ, “ঋগাদিবেদবেত্তাসকলে কাম্য যজ্ঞাদিৰ, অনুষ্ঠান কৰি মোৰ পূজা কৰি সোমৰস পান কৰি