পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০৭
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী৷

 মহাপুৰুষ মাধৱদেৱে কয় তীৰ্থ-স্নানত একো নাই। কেৱল তাত সন্মিলিত সাধুসৱক দেখা যায় বুলি তীৰ্থ পৱিত্ৰ স্থান বুলি গণ্য হয় :—

“কৰ্ণে শুনে কৃষ্ণ কথা মুখে বোলে ৰাম।
মন পদ পদ্ম স্মৰে হস্তে কৰে কাম॥
কৃষ্ণৰ প্ৰতিমা দেখে চক্ষুৱে ভক্তক।
বিষ্ণু বুদ্ধি কৰি শিৰে নমে সমস্তক॥
নিৰ্ম্মাল্য তুলসীঘ্ৰাণ লোৱে নাসিকায়।
বিষ্ণুৰ নৈবেদ্য মাত্ৰ আস্বাদে জিহ্বায়॥
পদে বিষ্ণুক্ষেত্ৰ বৈষ্ণৱৰ ঠাইক যায়।
এহিমতে ইন্দ্ৰিয়ৰ বৃত্তি সমুদায়॥
বিষ্ণুতেসে প্ৰৱৰ্ত্তে অযত্নে যেৱে জানা।
মনে একো বিষয়ক নকৰে কামনা॥
তবে আৰ তাহাৰ মহিমা কৈৱো কিক।
পাইলেক প্ৰসাদ সিটো মোক্ষতো অধিক॥”

( ৰত্নাৱলী, ৪৯-৫১)

 ধৰ্ম্ম-গুৰু কবীৰে হলে তীৰ্থ আৰু প্ৰতিমাত একো নাই বুলি কয়। যেনে দোহা :—

 তীৰথ মে তো সব পানী হৈ, হোয়ে নাহিকুছ, অস্নায় দেখা। প্ৰতিমা সকলতো জড় হৈ, বোলে নাহি,বোলায় দেখা৷’’