পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৮
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

 অৰ্থাৎ তীৰ্থত কেৱল পনীহে আছে, মই স্নান কৰি দেখিছোঁ, তাত একো ফল নাই। প্ৰতিমাবিলাক জড়হে। মই মাতি দেখিছোঁ, সিবিলাকে কোনো কথা নকয়।

 [৮৬পৃঃ] ভক্তি-যোগ—মহাভাগৱতৰ বাহিৰেও মহা-ভাৰতৰ নাৰায়ণীয় খণ্ড, ভগৱদগীতা আদি শাস্ত্ৰত ভক্তিৰ কথা আছে। ভক্তি-তত্ত্ব আজিৰ নহয়। ইয়াৰ অঙ্কুৰ বেদতো পোৱা যায়। বেদত অৰ্চ্চন, বন্দন আদি ক্ৰিয়াৰ অভাব নাই। উপনিষদৰ কথাত তেনে। কিন্তু ভক্তি-যোগৰ স্পষ্ট উল্লেখ পোৱা যায়। প্ৰথমে শ্বেতা-শ্বতৰোপনিষদত, যেনে,—

“যস্য দেবে পৰাভক্তি যথা দেবে তথা গুৰৌ।
তস্যৈতে কথিত হ্যৰ্থাঃ প্ৰকাশন্তে মহাত্মনঃ॥”

(শ্বেতাশ্বঃ উঃ. ৬৷২৩)

 অৰ্থাৎ যাৰ ঈশ্বৰত পৰম ভক্তি আৰু ঈশ্বৰত যেনে গুৰুতো তেনে শ্ৰদ্ধা ভক্তি তেওঁত হে এই গুহ্যতত্ত্ব কলে তেনে মহাত্মাৰ হৃদয়ত প্ৰকাশিত হয়।

 ভক্তি কি? ভজ্ ধাতু ক্তিন্ প্ৰত্যয় ভাৱে কৰি ভক্তি শব্দ সিদ্ধ হৈছে। তাৰ অৰ্থ ভজনৰ বিয়য়। মহাপুৰুষ শঙ্কৰদেৱে তাৰ ক্ৰম এনেকৈ দিছে :—

“মায়া নিবৃত্তিৰ পন্থ যিটো মই হৰি।
প্ৰথমতে শ্ৰদ্ধা মোত মিলে শীঘ্ৰ কৰি॥