পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০৬
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী৷

 আকৌ, যিসকলে ক্ষুদ্ৰধান এৰি স্থল তুহ ভাঙ্গে তেওঁলোকৰ যেনেকৈ তাৰপৰা কোনো ফল নহয়, তেনেকৈ ঈশ্বৰৰ মঙ্গলময় ভক্তি এৰি যিসকলে কেৱল জ্ঞান লাভৰ চেষ্টা কৰে তেওঁলোকৰ ক্লেশেই মাথোন সাৰ হয়। এই পৃথিবীত অনেকে প্ৰথমে যোগী হৈয়ো জ্ঞান লাভ কৰিব নোৱাৰাত ভগৱন্তৰ প্ৰতি লৌকিক চেষ্টা আৰু নিজ কৰ্ম্ম অৰ্পণ কৰি ঈশ্বৰৰ কথা অবিৰত শুনে। তাতে ভগৱন্তৰ প্ৰতি তেওঁলোকৰ ভক্তিৰ যি উদয় হয়, সেই ভক্তি-যোগেৰে আত্মাক জানিব পাৰি তেওঁলোকে উৎকৃষ্ট গতি লাভ কৰে। এতেকে ভক্তিৰ পৰা জ্ঞানৰ উদয় হয় *৷

 [৮৩পৃঃ] তীৰ্থ— তীৰ্থ স্নানে বহুত কালৰ মূৰত হে পৱিত্ৰ কৰিব পাৰে। কিন্তু মহন্তক দেখা মাত্ৰে মানুহ পৱিত্ৰ হয়! যেনে,—

“জলময় শিলময় তীৰ্থদেৱ যত॥
জানিবাহা তাৰসৱে তীৰ্থদেৱ হয়।
তথাপিতো সাধুসৱে শ্ৰেষ্ঠ অতিশয়॥
তীৰ্থদেৱে চিৰকালে, পৱিত্ৰ কৰয়।
দৰশন মাত্ৰে শুদ্ধ কৰে সাধুচয়॥” (ৰত্নাকৰ, ৭৮-৭৯)


* ভাগৱত, ১০৷১৪।৪-৫ দেখা।