পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০২
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী৷


গীতাত আছে :—

‘ধ্যায়তো বিষয়ান্ পুংসঃ সঙ্গস্তেপষজায়তে।
সঙ্গাৎ সংজায়তে কামঃ কামাৎ ক্ৰোধোহভিজায়তে॥
ক্ৰোধাদ্ভৱতি সংমোহঃ সংমোহাৎ স্মৃতিৱিভ্ৰমঃ।
স্মৃতিভ্ৰংশাদ্বুদ্ধিনাশো বুদ্ধিনাশাৎ প্ৰণশ্যতি॥”(২৷৬২-৩)

 অৰ্থাৎ বিষয় ধ্যানকাৰী পুৰুষৰ বিষয়ত আসক্তি জন্মে। আসক্তিৰপৰা কামনা আৰু কামনাৰপৰা ক্ৰোধৰ উৎপত্তি হয়। ক্ৰোধৰপৰা সংমোহ আৰু সংমোহৰ পৰা স্মৃতি বিভ্ৰম জন্মে॥ স্মৃতি- বিভ্ৰমৰ পৰা বুদ্ধি-নাশ হলে মানুহ বিনষ্ট হয়।

 [৬৯ পৃ] স্বৰ্গ-সুখ—বেদবেত্তাসকলে কাম্য যজ্ঞাদি অনুষ্ঠান কৰি স্বৰ্গলৈ যায়। কিন্তু পুণ্য ক্ষয় হলে আকৌ পৃথিবীত আহি জন্ম লয়। এই দৰে বাৰে বাৰে জন্ম-মৃত্যুৰ হাতত পৰে *৷ বিশিষ্ট কৰ্ম্ম-কৰি স্বৰ্গ পালেও পুণ্যৰ তাৰতম্যত বঢ়া-টুটা সুখ পায়। এতেকে ঈৰ্ষা অসূয়া জন্মে, এনে স্বৰ্গ-সুখ নিষ্ফল। (ৰত্নাৱলী, ১৩৩)

 [৭১ পৃ.] বৈকুণ্ঠ—কিন্তু বৈকুণ্ঠৰপৰা ভক্তৰ পতন নহয়। বৈকুণ্ঠৰ বিনাশ নাই। মহাপুৰুষ মাধৱদেৱে কৈছে⸺

“সিটো শুদ্ধ সত্ত্ব  বৈকুণ্ঠ লোকত
 মায়াৰ নাহি সঞ্চাৰ॥

  • গীতা ৯৷২১ দেখা।