এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী৷ | ৩০৩ |
“পৰম দুৰ্ঘোৰ কাল চক্ৰ মোৰ
পৰক গিলিবে লাগি।
নাহি নিদ্ৰা লেশ নকৰে নিমেষ
সৰ্ব্বদায়ে থাকে জাগি॥
প্ৰিয় আত্ম গুৰু সখা ইষ্টদেৱ
বুলি মোক সৰ্ব্বভাৱে।
ভজে যিটো তাক সিটো কালে আৰ
আক্ষিও মেলি নাচাৱে॥
এতেকে বৈকুণ্ঠ লোকত যতেক
ভকত আছে আমাৰ।
জানা কদাচিতো নুহি ভোগে হীন
কহিলোহোঁ সাৰে সাৰ॥”
(ৰত্নাৱলী, ৬৪-৬৫)
আকৌ, “ভকতে যদ্যপি নবাঞ্চে তথাপি
ভকতিৰ মহাবলে।
বৈকুণ্ঠ লোকত মহা ভোগে যত
ভকতে পাৱে সকলে॥ ” (ৰত্নাৱলী, ৬৩)।
[৭২ পৃ:] কৰ্ম্ম—কোনেও কৰ্ম্ম নকৰাকৈ এখন্তেকো থাকিব নোৱাৰে *। কৰ্ম্ম, অকৰ্ম্ম, বিকৰ্ম্মৰ কথা গীতাতো তেনে কৈছে†৷
- গীতা, ৩|৫ দেখা।
† গীতা, ৪|১৭-১৮ দেখা।