পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০১
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী।


চেতন আৰু দেখোঁতা (দৃষ্ট স্বৰূপ) আত্মাৰো নহয়। আৰু দেখাৰ বিষয় (দৃশ্যৰূপ) দেহাৰো নহয়। কিন্তু যেতিয়ালৈকে শৰীৰ, ইন্দ্ৰিয় আৰু প্ৰাণৰ সম্বন্ধ থাকে। তেতিয়ালৈ সংসাৰ বাস্তৱিকে বস্তু নহলেও অবিবেকীৰ চকুত বস্তু যেন দেখায়। যেনেকৈ স্বপ্নাৱস্থাত অনৰ্থ প্ৰাপ্তি হয়। তেনেকৈ বস্তু নাথাকিলেও বিষয়-ধ্যান-পৰায়ণ এই আত্মাৰ সংসাৰ নিবৃত্তি নহয়। যেনে,—

“যাৱদ্দেহেন্দ্ৰিয়প্ৰাণৈৰাত্মনঃ সংনিকৰ্ষণম্।
সংসাৰঃ ফলৱাংস্তাৱদপাৰ্থোহপ্যৱিৱেকিনঃ॥
অৰ্থে হ্যবিদ্যমানেহপি সংস্কৃতিৰ্ন নিৱৰ্ত্ততে।
ধ্যায়তো বিষয়ানস্য স্বপেহনৰ্থাগমো যথা॥’’

( ভাগৱত, ১১৷২৮৷১১-১২)

 [১৬ দফা] তিনিবিধ দুখ অৰ্থাৎ ত্ৰিতাপ বা আধাত্মিক, আধিভৌতিক আৰু আধিদৈৱিক দুখ।

 [৬২ পৃঃ] বিষয় — ইন্দ্ৰিয়ৰ গ্ৰাহ্য বা ইন্দ্ৰিয়ৰ ভোগৰ বস্তুৰ নাম বিষয়। যেনে,—

৫নং বৰগীত ( ১৩ দফা) দেখা।

 বিষয়ৰ ব্যুৎপত্তিগত অৰ্থ :—“ৱিসিনোতি বধ্নাতি যঃ সঃ বিষয়ঃ’’ যিহে জীৱক বান্ধে সেয়ে বিষয়।

২৬