পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫৫
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


 পূৰ্ব্ব গুণ-দোষ কিছু নকৰি বিচাৰ।
 হেনসে শাস্ত্ৰৰ নর ধৰ্ম্ম-ব্যাৱহাৰ॥

(অষ্টম, ৪৯২—৪৯৩)


২৷ অতিথিক দেখি যিটো চক্ষু পকাই চাৱৈ।
 ঠাই নাই বুলি চলচল কৰি ধাৱৈ॥
 বজ্ৰদন্ত কাকে ভুঞ্জে চক্ষুক উভাৰি।
 কঙ্ক বঙ্ক গৃদ্ধে উদৰৰ দোৱে নাড়ী॥

(ষষ্ঠ, ৫৩)


৩। অতিথিক নেদি কিবা কৰিলি ভোজন।
 সিজিল পাতেক কিবা অগম্যাগমন॥

(অৰ্জ্জুনৰ প্ৰতি, একাদশ, ৬৪৭)

⸺⸺

প্ৰীতি আৰু কন্দল

১। মিত্ৰভাৱে যেনমতে শত্ৰু কৰি ক্ষয়।
 কন্দলে নপৰি তাক জানিবা নিশ্চয়॥

(অষ্টম, ৪৪৪)

⸻⸻