পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫৪
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

 গুচি গৈলে ধন মহা তাপক পাৱয়।
 কৈত জানা ধনে আৰ সুখক দিছয়॥

(ৰত্নাকৰ ভা:, ৯৯৮-১০০০)

২। আপোনাৰ মৃত্যু বুলি মানিবেক ধন।
 নানা পীড়া মিলে আসি ইহাৰ কাৰণ॥
 কোন প্ৰীতি সাধিবেক ইসবে বিফল॥
 যদি বোলা ধন হন্তে ধৰ্ম্ম উপজয়।
 সেহি ধন, হন্তে স্বৰ্গ-সুখক পাৱয়॥
 শুনিয়ো স্বৰ্গত আছে যত যত সুখ।
 সমস্ত বিনাশী সদা পাৱে মাত্ৰ দুঃখ॥
 আপোনাৰ সমান পৰৰ দেখি শ্ৰীক।
 কৰে নিন্দাবাদ তৈতে বিবাদ অধিক॥
 অনুদিনে দেখে সিটো পুণ্য যায় ক্ষয়।
 মনৰ নুগুচে সদা পতনৰ ভয়॥

(নিমিনৱ সিদ্ধ, ১৩৩-১৩৫)

⸺⸺

অতিথি

১।  যদি মহাশত্ৰু আসি হোৱয় অতিথি।
 দেৱ হেন মানি তাক কৰিবা ভকতি॥