পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভাৰ্য্যা

১। কৰ্ম্মসময়ত তোক মন্ত্ৰী হেন লেখি।
 ৰঙ্গৰ বেলাত যেন তই প্ৰাণ-সখী॥
 দেহৰ প্ৰস্তাৱে তই মাতৃ হেন ঠান।
 শয়ন বেলাত তই দাসীৰ সমান॥

হৰিশ্চন্দ্ৰ উঃ, ৪৩২)


২। পূৰ্ব জন্মৰ ভাৰ্য্যা  যাৰ যেই পাৱে আসি
 তাত কিছু দৈবে বাধা নাই।

(ক: হৰণ কাব্য, ৪৪৯)

⸻⸻

জয়-পৰাজয়

১৷  শুনিয়ো কপটী  মিছা চটি মতি
 কৰাহা অজ্ঞান হুই।
 দৈৱৰ অধীন জয়-পৰাজয়
 কাহাৰো শাশ্বত নুই।।

(অষ্টম, ৯৪০)


২।  ইটো চাৰ সংসাৰত নাহি কিছু সাৰ তত্ত্ব
 মহা জ্ঞানীলোকে হেন কয়।