পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫৩
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

 ক্ষুধাত নপায় অন্ন শুকাই আঁত মুখ।
 এড়ে অহঙ্কাৰ গৰ্ব্ব মিলে মহা সুখ॥
 স্বভাৱে তপস্যা সিজে শুদ্ধ হোৱে মতি।
 তেৱেসে দৰিদ্ৰ লৱে সন্তৰ সঙ্গতি॥

(দশম, ৩০২—৩০৫)

৩। যিটো সাৰ্ব্বভৌম  সিংহাসনে থাকে
 সামৰাজ্যে সেৱা কৰে।
 শ্ৰীৰ অধীন  হুয়া প্ৰভু সিটো
 গৃহতে থাকিয়া মৰে॥

(কীৰ্ত্তন, ১৩৮৬)

⸺⸺

ধন

১।  কৰ্ম্মকৰি সাধয় বিত্তাদি যত যত।
 নুহিকে সুখৰ হেতু জানা স্বৰূপত॥
 ধনে পুৰুষক দুঃখ দেই নিৰন্তৰ।
 আপোনাৰ মৃত্যুধন জানা সাৰত্তৰ॥
 কিবা প্ৰীতি সাধিবেক গৃহ পুত্ৰাদিত।
 যি হেতু অনিত্য নথাকয় কদাচিত॥
 পাৱে মহা দুঃখ অতি ধনক অৰ্জ্জন্তে।
 মোহ হৈয়া দান ভোগ নকৰে থাকন্তে ॥

২২