পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪৮
মহাপুৰুৰ শঙ্কৰদেৱৰ বাণী

২।  সমস্তকে ঈশ্বৰত অৰ্পিবেক নিতে।
 উত্তমত প্ৰীতি কৰিবেক যথোচিতে॥
 সমানত মৈত্ৰী দয়া কৰিবে হীনত।
 এহি সব গুৰুত শিখিবে ভালমত॥

(নিমি নৱসিদ্ধ, ১৪১—১৪২)


৩।  অন্তৰ্য্যামী মই ঈশ্বৰক দেখি মনে।
 যথাযোগ্য চাৰিবিধ প্ৰাণীক যতনে॥
 কৰিবেক অৰ্চ্চা চাৰি প্ৰকাৰ আমাক।
 সমানে সহিতে কৰিবেক মিত্ৰ তাক॥
 উত্তম জনক মান দান দৰিদ্ৰক।
 কৰিলেক ক্ষমা আতি বিপক্ষ জনক॥
 এহিমতে জানা যিটো জন প্ৰৱৰ্ত্তয়।
 তাকো সংসাৰৰ তিনি তাপে নোচোৱয়॥

(দেৱহুতি; ৰত্নাকৰ ভাঃ, ৬০১—৬০২)


⸻⸻


আশা


১।  আশা নামে নদী ঘোৰ জল মহাধন।
 ননা বিধ তৃষ্ণা অতি ঢউ সৰ্ব্বক্ষণ॥
 কাম ক্ৰোধ ভৈল কুম্ভীৰ মকৰ।
 নানা তৰ্ক বিতৰ্ক গহন ভয়ঙ্কৰ॥