পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪৭
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

 উপকাৰ নচায় যিটো কৰে উপকাৰ।
 সি সি সাধুজন মহাধৰ্ম্ম সিজে তাৰ॥
 উপকাৰী উদাসীন দুইতো নেদে মন।
 আছে চাৰিবিধ শুনা তাহাৰ লক্ষণ॥
 যিটো মহা ব্ৰহ্মজ্ঞানী দেখে সব মিছা।
 যিজন আপোনে পূৰ্ণ ভোগে নাই ইচ্ছা॥
 যিটো গুৰুদ্ৰোহী আউৰ একোৱে নমানে।
 যিটো মহামূঢ় গুণ-দোষক নজানে॥
 কাহাতো নভজে এহি চাৰি বিধজন।
 কহিলো নিশ্চয় তোমাসাক গোপীগণ॥

(দশম, ১৪৪৭—১৫৫১)

⸺⸺

গুণাধিক, গুণাধম আৰু সমানৰ প্ৰতি

আচৰণ।

১।  গুণতো অধিক যিটো অপোনাত কৰি।
 তাকো দেখি প্ৰীতি অতি কৰিব সাদৰি॥
 নকৰিব কদাচিতো তাহাক অসুয়া।
 গুণাধম জন দেখি কৰিবেক দয়া॥
 সমানে সহিতে যিটো মিত্ৰতি কৰয়।
 সংসাৰৰ তিনি তাপে তাক নুচুৱয়॥

(ৰত্নাকৰ ভাঃ, ৫৯৮ - ৫৯৯)