পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪৪
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


২। প্ৰাণীক নিৰোধে যিটো গাঁত গহ্বৰত।
 তাকো যমদুতে পোতে যমৰ পুৰত॥

(ষষ্ঠ, ৫২)


৩। নজানে দক্ষিণী বিধি পূজায়ো নাহিকে সিদ্ধি
  নজানে প্ৰাণীৰ হিংসা দোষ।
 আপোন জীৱিকা অৰ্থে পশুগণ মাৰে ব্যৰ্থে
  তাতে মিলে মনত সন্তোষ॥

নিমিনৱ সিদ্ধ, ৩৩৪)


৪। ঘৰ-পোনা পণ্ড যিটো কৰে বলিদান।
 পৰম অজ্ঞানী সিটো ৰাক্ষস সমান॥
 যিকাৰ্যে কাটিলে বলি তাতো নাহি আশ।
 চিৰকাল তমো নৰকত কৰে বাস॥
 পাছে পৰকালে তাক সেহি পশু পাই।
 কাটি কাটি শৰীৰৰ মাংস ছিণ্ডি খায়॥
 মহা দুঃখে মূৰ্চ্ছা যায় শ্ৰুতি-জ্ঞান হৰে।
 চিৰকাল পাতকী যাতনা ভুঞ্জি মৰে॥

(ষষ্ঠ, ৫৮—৫৯)


২। পাইবো মনোৰথ সিদ্ধি মনে হেন মানে।
 মোহ হুয়া অনেক পশুক বধে প্ৰাণে॥
 পোষে পশু পক্ষী কৰে সিসবে বিশ্বাস।
 গুচে ভয় থাকে চাপি গৃহস্থৰ পাশ॥