পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪৫
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

 মাতিলে আপুনি খায় হাততে আহাৰ।
 তাক যিটো জনে বধে শুনা গতি তাৰ॥
 অস্ত্ৰ শস্ত্ৰ ধৰি পশু থাকে বাট চাই।
 যেতিক্ষণে সিটো নৰ পৰলোকে যায়॥
 কাটি ছিণ্ডি বেঢ়ি মোচৰয় কতো ঘাৰ।
 ডোখোৰা ডুখৰি কৰি মাংস খাই গাৰ॥

(নিমিনৱ সিদ্ধ, ৩৫৪—৩৫৬)


৬।  ডাঁস মশ মাখি জোঁক পোক পৰুৱাৰ।
 ঈশ্বৰে নিৰ্ম্মিল বৃত্তি ৰুধিৰে আহাৰ॥
 পিয়ন্তে গাৱৰ তেজ তাক যিটো মাৰে।
 পৰে সিটো নৰ অন্ধকূপ অন্ধকাৰে॥
 ডাঁসে মসে সৰ্পে তৈতে খাই তাক বেঢ়ি।
 নাহি নিদ্ৰা আতি আৰ্ত্তৰাৱে পাৰে গেৰি॥
 কেঁচুক পিম্পৰা যেন মতে বেঢ়ি খাই।
 ভুঞ্জে মহা যাতনা চেতন তাৰ নাই॥

(ষষ্ঠ, ৩২—৩৩)


৭।  আত্মৰূপে ঈশ্বৰৰ পৰ শৰীৰত।
 সৰ্ব্বদা আছ তাক নুগুণে মনত॥
 পৰক কৰয় দ্বেষ বৃথা দেহ লাগি।
 নৰকত পৰে সিটো পৰম অভাগী॥

(নিমিনৱ সিদ্ধ, ৩৫৬—৩৭৭)