পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪০
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

৪। প্ৰাণী ভয় ভীত ভৈলে কৰিবে ৰক্ষণ॥
 বিশেষত মহন্তৰ এহি ব্যৱহাৰ।
 পৰজীৱ ৰাখে জীৱ দিয়া আপোনাৰ॥
 অভয় দানত পৰে ধৰ্ম্ম নাহি আন।
 কোটি অশ্বমেধো তাৰ নুহিকে সমান॥

(অষ্টম, ৩১৭ - ৩৯৮)


৫। যত দেখা ভূত প্ৰাণী  সৱে বিষ্ণু হেন জানি
  হিংসা এড়ি কৰা উপকাৰ।
 বিষ্ণুক মনত ধৰা  শ্ৰৱণ কীৰ্ত্তন কৰা
  নিস্তাৰিবা তেবেসে সংসাৰ॥

(অষ্টম, ৮৮১১)


৬। নকৰিলে প্ৰাণীক ভয়তে পৰিত্ৰাণ।
 বিপ্ৰক নিদিলি কিবা প্ৰতিশ্ৰুত দান॥

(অৰ্জ্জুনৰ প্ৰতি যুধিস্থিৰ; একাদশ, ৭৪৬)

⸺⸺

প্ৰাণী হিংসা

১। যিটো মন্দমতি অতি একোৱে নুবুজে।
 ব্যাৰ্থ পশু-পক্ষী মাৰি সকুটুম্বে ভুঞ্জে॥
 মহা ৰৌৰোৱত পৰে নাহিকে নিস্তাৰ।
 ৰুৰু পশুগণে বেঢ়ি মাংস খাই গাৰ॥

(ষষ্ঠ, ২৪)