পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩০
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


 চক্ৰবৰ্ত্তী পদ এড়ি মৰৈ হাল বাই।
 গঙ্গাজল এড়ি কাদোৱানি পানী খাই॥
 কৃষ্ণক তেজিয়া মানৈ আনক ঈশ্বৰ।
 তাহাৰ জানিবা এহি সৱ পটন্তৰ॥
 হেন জানি আন দেৱ ধৰ্ম্ম তেজি আশ।
 কৃষ্ণৰ চৰণে কৰা সুদৃঢ় বিশ্বাস॥
 আন কৰ্ম্ম এড়ি ধৰা মাধৱৰ নাম।
 পাতক ছাড়োক ডাকি বোলা ৰাম ৰাম॥

(দশম, ১১৫৫৯—১১৫৬১)

৮ । আন ক্ষুদ্ৰ দেৱতাত যদি নেদৈ মতি।
 মহা দুৰাচাৰো কৰৈ আমাত ভকতি॥
 সেহিসে পৰম সাধু জানা মহাশয়।
 যিহেতু আমাক মাত্ৰ কৰিলে নিশ্চয়॥

(একাদশ, ১৬১)

৯। নকৰিবা সেৱা সখি আন দেৱতাৰ।
 নুহি যেন আমাৰ ভকতি ব্যভিচাৰ॥

(একাদশ, ২৫১)

১০ ৷ আন দেৱ এৰে কৰৈ কেশৱক সম।
 জানিবাহা সি সি জন পাতকী পৰম॥

(তথা, ২৭২)