পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

বিধি নিষেধ

১। যদি বোলা বিষ্ণুৰ নামক লৈয়া মুখে।
 তৰে ইটো দুৰ্ঘোৰ সংসাৰ মহাসুখে॥
 তবে বিধি-নিষেধে শাস্ত্ৰৰ কিবা গতি।
 শুনা আৰো কথা কহোঁ তোমাত সম্প্ৰতি॥
 যাগ আদি কৰি যত বিধি নিৰন্তৰ।
 জানিবা কিঙ্কৰ সবে বিষ্ণু স্মৰণৰ॥
 এতেকেসে যাগ আদি বিধি আছে যত।
 সিজে সবে বিষ্ণু নাম স্মৰণ মাত্ৰত॥
 হেন জানি বিষ্ণু নাম স্মৰিবা সতত।
 কদাচিতো বিস্মৰণ নুহিবা মনত॥
(পাৰ্বতীৰ প্ৰতি মহেশ; ৰত্নাকৰ ভাঃ, ৩৫৯—৩৬১)

২। বোলন্ত কেশৱে শুনা উত্তৰ ইহাৰ।
 হৌক নৰ যদ্যপি পৰম দুৰাচাৰ॥
 মোকে মাত্ৰ ভজয় নুপূজি দেৱ আন৷
 তথাপি পৰম সাধু সেই মোৰ প্ৰাণ॥
 নবাধয় দোষে তাক তেজিয়ো সংশয়।
 সত্যে সত্যে দিবো মোক্ষ সখি ধনঞ্জয়॥
 অনাচাৰ কৰি অপৰাধী মোৰ নুহি।
 আন দেৱ পূজে যিটো সেই মোৰ দ্ৰোহী॥

(ভক্তিপ্ৰদীপ, (৩৪—৩৬)