পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮৭
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


আপুনি উদ্ধাৰ কৰা কৃপাময় মোক।
 বোলা ৰাম ৰাম যত সামাজিক লোক॥

(নিমি নৱসিদ্ধ, ৩২২-৩২৬)

১৩। নমো দামোদৰ নমো নন্দেৰ কুমাৰ!
 নমো পৰমাত্মা নমো কৰিয়ো উদ্ধাৰ॥

(ভক্তি প্ৰদীপ, ২৮১)

১৪। শাস্ত্ৰৰো বুজিয়া মজ্জা  সদায় কৃষ্ণত ভজা
  হৈয়ো এক শৰণ কৃষ্ণত?
 কৃষ্ণক কৰিয়ো সেৱ  কৃষ্ণসে পৰমদেৱ
  চিন্তা তান চৰণ মনত॥

(যষ্ঠ, ১৫)

১২। ঈশ্বৰ কৃষ্ণক পূজা কৰে যিটো জন॥
 সমস্ত দেৱক পূজা কৰিলেক আতি।
 পৃথকে পূজিলে কেহো নহন্ত তৃপিতি॥
 বৃক্ষৰ মুলত যেন দিয়ে আনি জল।
 হোৱয় তৃপিতি ডাল পুষ্প-পত্ৰ ফল॥
 মূল এড়ি জল যদি সিঞ্চে পত্ৰ ডালে।
 কদাচিতো তৃপিতি নুহিকে একো কালে॥
 পাৱয় ভোজনে যেন ইন্দ্ৰিয় সন্তুষ্ট।
 মিলে, মহাসুখ অতি হোৱে হৃষ্টপুষ্ট॥
 ক্ষুধাতুৰ প্ৰাণী যদি নকৰে ভোজন।
 পিন্ধে গন্ধ চন্দনাদি নানান ভুষণ॥