পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮৮
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


একো ইন্দ্ৰিয়ৰ তাত তুষ্ট নাহি হয়।
প্ৰাণ তুষ্ট ভৈলে তুষ্ট হোৱে ইন্দ্ৰিয়চয়॥
সেহিমতে অচ্য়ুতক যিজনে পূজয়।
সমন্তে দেৱক পূজিলেক অতিশয়॥

|

(ৰত্নাকৰ ভাঃ, ৩৯৭ - ৪০০)

১৬। চাৰিবেদ চৌধ্য় শাস্ত্ৰে কৃষ্ণকে কহয়।
 কৃষ্ণৰেসে অংশ সবে জগত নিশ্চয়॥
 কৃষক পাইবাক লাগি কৰে যত বাগ।
 তপ-জপ কৰিয়া কৃষ্ণক পাৱে লাগ॥
 জ্ঞানপথে কৃষ্ণকেসে সেৱে জ্ঞাণীগণ।
 কৈলো সেহি সেব্য মোৰ নন্দেৰ নন্দন॥
 লীলা কৰি তেহো পূৰ্ব্বে প্ৰকৃতি স্ৰজিলা।
 মায়া গুণ দ্বাৰে ইটো ব্ৰহ্মাণ্ড কৰাইলা॥

 তাছাৰ ভিতৰে ভৈলা বিৰাট শৰীৰ।
 উৰ্দ্ধে সাতলোক তাতে বুজা মহা-ধীৰ॥
 অধত অতল আৰু বিতল সুতল।
 তলাতল আদি সাতো পৰম বহল॥

 দেৱ দৈত্য মনুস্য় বিভাগি তাতে ৰৈল।
 চাৰিবৰ্ণ কৃষ্ণৰ দেহত হন্তে ভৈল॥
 শ্ৰৱণ-কীৰ্ত্তন ধৰ্ম্ম চাৰিও বৰ্ণৰ।
 নিজ পিতৃ কৃষ্ণ মাত্ৰ সেব্য জগতৰ॥

(দ্বিতীয়, ৭৬-৭৯)