পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৩
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী -

বেদ-তাৎপৰ্য্য জানে যত মহামুনি।
এহি চৰণৰ মাত্ৰ কথা থাকে শুনি॥
আকেসে আশ্ৰয় কৰে আকেসে প্ৰমাণ।
এই চৰণৰ মাত্ৰ ধৰে গুণ-নাম॥
কেনমতে পাওঁ আক ইসে পৰমাৰ্থ।
আত পৰে নজানে অপৰ পুৰুষাৰ্থ॥
তোমাৰ কটাক্ষে মিলে ব্ৰহ্মাতো বিঘাত।
সত্যলোক পৰ্য্য়ন্তে কালৰ নেৰায় হাত॥
সামান্য প্ৰাণীৰ আৰ কৈবো কিবা কথা।
কালসৰ্পে দংশি মাৰে যথা যাই তথা॥
তুমি মোক্ষ-মূৰ্ত্তিৰেসে চৰণ-সেৱাত।
জানো লোকে নিশ্চয় কালৰ এড়ায় হাত॥
জগত আধাৰ তোমাৰেসে সেৱা স্বামী।
আতপৰে কুশল নজানো আৰ আমি॥
মিছা দেহে গেহে কৰে পৰম আকুল।
আক এড়ি তোমাৰ ভজিবো পদ-মূল॥
তুমিসে স্বৰূপ আন সৱে মায়াপথ।
প্ৰাণ-প্ৰভু আমাৰ পূৰিয়ো মনোৰথ॥

(দ্বাদশ, ৩৩৩-৩৪৩)

২৩।হেপ্ৰভু! কৈত মই বুদ্ধিহীন জন।
 তোমাৰ মহিমা কৈত দেৱ নাৰায়ণ॥