পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৪
মহাপুৰুৰ শঙ্কৰদেৱৰ বাণী

তুমি দীনবন্ধু দয়াসিন্ধু নৰহৰি।
ভকতি প্ৰসাদ মোক দিয়া কৃপা কৰি॥

(ৰত্নাকৰ ভাঃ, ৪৪৩—৪৪৪)

২৪। বচনত মাত্ৰ সুৰ  মই শূন্যমতি মূঢ়
 পৰ উপদেশত পণ্ডিত।
 তুমি হেন দেৱ জানি  নপাৰিলো চক্ৰপাণি
  আপোনাৰ দুঃখক খণ্ডিত॥
 নেড়াইলো সংসাৰ তাপ চৰণে উদ্ধাৰা বাপ
 কৰোঁ হেৰা পৰিয়া প্ৰণাম।

(কুৰুক্ষেত্ৰ, (১৭৯২৯—১৭৯৩০)

২৫। নমো নমো মোৰ হৃদীশ্বৰ কৃষ্ণ দেৱ।
 দণ্ডৱতে পৰি কোটি কোটি কৰো সেৱ॥
 তোমাৰ পাৱত প্ৰভু পশিয়া শৰণে।
 এতেকে প্ৰাৰ্থনা কৰো তোমাৰ চৰণে্॥
 যৈতে তৈতে হৌক জন্ম মোৰ কৰ্ম্মগতি।
 তোমাৰ চৰণে মাত্ৰ নছাড়োক মতি॥
 ভূত-দয়া ধৰ্ম্মে মোক নেড়োক মাধৱ।
 তোমাৰ ভৃত্যসে মোৰ পৰম বান্ধৱ॥
 পুত্ৰ-দাৰা বিষয়ত হৌক স্নেহ ছেদ।
 নুহি যেন সদায়ে তোমাত বুদ্ধি ভেদ॥
 পূৰ্ব্বৰ স্বভাৱ মোৰ কৰিয়ো উচ্ছাদ।
 তোমাৰ চৰণে মাগো এতেক প্ৰসাদ॥