২২। কৰোঁ স্তুতি কিমতে তুমিসে নিজ আয়ু।
তোমাৰেসে কৃপাত সঞ্চৰে প্ৰাণ বায়ু॥
তেবেসে সচল হোৱে ইন্দ্ৰিয় যতেক।
মুখতো বচন বঝাই তেবেসে প্ৰত্যেক॥
আছোক সামান্য প্ৰাণী তাৰ কোন কথা।
ব্ৰহ্মা-মহেশৰো প্ৰভু হেনয় অৱস্থা॥
দাৰুৰ পুতলি যেন যত জীৱ আমি।
যেন নচাই ফুৰায় তুমিসে অন্তৰ্য্যামী॥
তথাপিতো কায়-বাক্য-মনে যিটো জনে।
তোমাকেসে সেৱা কৰে একান্ত যতনে॥
তাহাৰেসে হোৱা তুমি পৰম বান্ধৱ।
নাহি তাত পৰে বন্ধু তোমাৰ মাধৱ॥
উপজে পিতৃৰ স্নেহ কেৱলে পুত্ৰত।
নাহিকে আপোন-পৰ তোমাৰ সিমত॥
যেই সেই ভজে মাত্ৰ কৰিয়া নিশ্চয়।
বোলা তাক সুহৃদ এতেকে কৃপাময়॥
... ...
দিয়া মোক্ষ লোকৰ খণ্ডিয়া দুঃখচয়॥
যত সৃষ্টি-প্ৰলয় তোত হন্তে মিলে।
যেন জাল পাতিয়া মগৰে দুনাই গিলে॥
জানিলো তুমিসে ইটো জগত কাৰণ।
তোমাকেসে ভজোঁ পাৱে পশিয়া শৰণ॥
এহি চৰণকে যিটো কৰিলে আশ্ৰয়।
তাকেসে নছোৱে কৰ্ম্ম-ফল কাল ভয়॥
পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১৬৪
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪২
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী