পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪০
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

১৫। বান্ধৱ মাধৱ দেৱ হৰি।
 কৰা কৃপা দোষ ক্ষমা কৰি॥
(কীৰ্ত্তন ঘোষা, ৫২)

১৬। ত্ৰাহি হৰি পড়িলো পাৱ,
 উপায় পৰমানন্দ দিয়া।
 নসহে সংসাৰ তাপে
 আৰু মোৰ হিয়া॥
(কীৰ্ত্তন ঘোষা, ৫৩)

১৭। শ্ৰী-মদে অন্ধ অতি মই মূঢ়জন।
 ক্ষমিয়োক মোৰ অপৰাধ নাৰায়ণ॥
 শুদ্ধ ব্ৰহ্মমূৰ্ত্তি তুমি সৰ্ব্বজ্ঞ আপুনি।
 তোমাক নছোৱে ৰজতমঃ এক গুণি॥
 অধীন তোমাৰ মায়া তুমি নিত্য বোধ।
 এতেকে তোমাত নাই ৰোগ লোভ ক্ৰোধ॥
 ... ... ... ...
 পৰম পুৰুষ হেৰা পড়ি কৰো সেৱ॥
 নিত্য নিৰঞ্জন শুদ্ধ আনন্দ স্বৰূপ।
 ভকতৰ যেন ইচ্ছা তেনে ধৰা ৰূপ॥
 নাই পৰিচ্ছিন্ন সকলৰ অন্তৰ্য্যামী৷
 ভকতি প্ৰসাদ মাগো তোমাক প্ৰণামি॥
(দশম, ১১৪০-১১৫১)