পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৯
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

১৩ । যৈতে তৈতে হোক জন্ম মোৰ কৰ্ম্ম ভাগে।
 নেড়ো যেন তোমাৰ চৰণ অনুৰাগে॥
 তুমি প্ৰিয়তম আত্মা পৰম ঈশ্বৰ।
 হেন জ্ঞান নুগুচোক সদায় আমাৰ॥
 পুত্ৰ পত্নী বিষয়ত নৌক আসকতি।
 তোমাৰ চৰণে হৌক একান্ত ভকতি॥
 হৰি ভকতৰ সঙ্গ হোক সৰ্ব্বক্ষণে।
 তোমাৰ চৰিত্ৰ কথা শুনিবো শ্ৰৱণে॥
 সুখে দুখে মুখে মোৰ নছাড়োক নাম।

(দ্বাদশ, ২১৮—২২০)

১৪ । সমস্ত ভূতৰ   তুমিসে আতমা
  হৃদয় পৰম গুৰু।
 তথাপি সেৱাৰ  অনুসাৰে কৃপা
 কৰা যেন কল্পতৰু॥
 কিমতে ভকতি  কৰো পঞ্চেন্দ্ৰিয়ে
 পঞ্চ দিকে লাগিধৰে।
 যেন গৃহস্থক অনেক সপত্নী
 সকলে আকুল কৰে॥
 ভৱ বৈতৰণী  মাজে মজিলোহো
 নেড়ে মোক শোক-ভয়।
 তোমাৰ চৰণে  শৰণ লৈলোহো
 কৃপা কৰা কৃপাময়॥
(কীৰ্ত্তন, ৪৪৫— ৪৪৬)