পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৫
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী।


কৃষ্ণ কথা যিবা ভণে  যিবা শুনে এক মনে
  যমৰ যাতনা কৰে চুৰি।
পুৰুষ উদ্ধাৰ কৰি  সংসাৰ সাগৰ তৰি
  অন্তকালে যাইব বিষ্ণুপুৰী॥
শঙ্কৰে ৰচিল গীত  আপোনাৰ চিন্তা হিত
 শুনা সমজ্য়াৰ যত জন।
এড়ি আলজাল কাম  ডাকি বোলা ৰাম ৰাম
 সমাপতি মহেশ-মোহন॥

(কীৰ্ত্তন, ৬০৭-৬০৯)

১৭। যাদৱ জগমোহন ৰাম।
 ভকত বৎসল কৰো প্ৰণাম॥

(কীৰ্ত্তন ঘোষা, ৮৫)

১৮। নমো নাৰায়ণ কৰোহে সেৱ।
 স্ৰষ্টাৰো স্ৰষ্টা তুমি আদি দেৱ॥

(কীৰ্ত্তন, ১০৯৪)

১৯। সেৱক বুলিয়া পালিয়ো ৰাম,
 চৰণে শৰণ লৈলো।
তোমাত ভকতি নকৰি কৃপালু,
 জনম বিফল কৈলো॥

(কীৰ্ত্তন ঘোষা, ৯৪)

২০। গোপাল কৃপাল কৰুণাময়।
 হৰিয়ো হৰি ভকতৰ ভয়॥

(কীৰ্ত্তন ঘোষা, ৯৬)