পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৬
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

২১। যাদৱ মধুসূদন ৰাম।
 ভকত বৎসল কৰো প্ৰণাম॥

(কীৰ্ত্তন ঘোষা, ১০১)

⸺⸺

(খ) তুতি

১। ৰাম পাৰ কৰা ৰঘুনাথ সংসাৰ সাগৰে।

(কীৰ্ত্তন ঘোষা ৫৮)

২। নমো নমো নাৰায়ণ অনাদি অনন্ত।
 জগত কাৰণ অন্তৰ্য্যামী ভগৱন্ত।
 যাৰ মায়াময় ইটো সংসাৰ নিৰ্ম্মাণ।
 ত্ৰাহি ত্ৰাহি মহাহৰি পুৰুষ প্ৰধান॥
 যাৰ শিৰভাগ ভৈল গগন মণ্ডল।
 অগ্নি যাৰ মুখ ভৈল পদ ৰসাতল॥
 চক্ষু ভৈলা দিবাকৰ চন্দ্ৰ ভৈলা মন।
 নমো ব্ৰহ্মৰূপ হৰি হুয়োক প্ৰসন্ন॥

(অষ্টম, ৪২৫- ৪২৬)

৩। প্ৰণামো জগত-নাথ কৰা দুঃখ দূৰ॥।
 বিজ্ঞান মূৰুতি জগতৰ অন্তৰ্য্যামী।
 জীৱ সুখ-দুঃখ-দাতা তুমি সব স্বামী॥
 নমো পৰিপূৰ্ণ ব্ৰহ্ম অনন্ত শকতি।
 জন্মে জন্মে, তৱ পাৱে থাকোক ভকতি॥

(দশম, ১৮৪৭-১৮৪৮)