পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৪
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


 নমো নমো পৰম দেৱতা অচ্যুতক।
 নমো নমো শুদ্ধদেৱ পথ প্ৰদৰ্শক॥

(দ্বাদশ, ৩৪৮৯)

১৪। ৰাম মুৰাৰি প্ৰভু ৰঘুনাথ।
 কৃষ্ণক প্ৰণামো দমায়া মাথ॥.

(কীৰ্ত্তন ঘোষা, ১৭)

১৫। নমো নমো দামোদৰ  সংসাৰৰ বিঘ্নহৰ
 ভকত অভয়দাতা দেৱ।
ভাগৱত পদ ছবি  ৰচিল শঙ্কৰ কবি
 কৃষ্ণৰ চৰণ কৰি সেৱ॥

১৬। শুনিয়োক বুদ্ধলোক  নিন্দা নকৰিবা মোক
  যদি দেখা পদত দূষণ।
আমি জগতৰ শিষ্য  জানি কৰা বিমৰিষ
 মহন্তৰ ক্ষমাহে ভূষণ॥
কৃষ্ণে দিলা যেন মতি  যেন কৰে সৰস্বতী
 বিৰচিলো সেই অভিপ্ৰায়॥
যতেক চটক দেখা  যাৰ যেন মত পাখা
 তাৰ অনুৰূপেসে উড়ায়॥
শুনা সৰ্ব্বজন তত্ত্ব ইটো মহা ভাগৱত
  তিনিয়ো লোকত তত্ত্বসাৰ।
যত মহা যজ্ঞ দান  কোটি কোটি তীৰ্থ স্নান
 কেহো তাৰ নপাৱে ওচৰ॥