পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শ্ৰীশঙ্কৰদেৱ৷

 শ্ৰীশঙ্কৰদেৱ ১৪৪৯ খৃষ্টাব্দত নগাৱঁৰ আলিপুখুৰীত * জন্মগ্ৰহণ কৰে।†৷ তেওঁৰ শৈশৱ অৱস্থাতে পিতৃ কুসুম্বৰ শিৰোমণি ভূঞা আৰু মাতৃ সত্যসন্ধ্যা ইহলোক পৰিত্যাগ কৰে। পিতামহী খেৰসুতী আয়ে তেওঁক প্ৰতিপাল কৰে। ১৩ বছৰ বয়সত বিদ্যা-শিক্ষাৰ বাবে তেওঁ মহেন্দ্ৰ কন্দলিৰ ছাত্ৰশালত সোমায় আৰু শিক্ষা শেষ কৰি ১৭ বছৰ বয়সত ঘৰলৈ ফিৰি আহে। ঘৰত তেওঁ যোগ-অভ্যাসত লাগে। ২১ বছৰ বয়সত তেওঁ সূৰ্য্য়ৱতী নামে কায়স্থ কন্যা এটি বিবাহ কৰায়। বিয়াৰ ৩ বছৰ পিচত এইজনা ভাৰ্য্যাৰ গৰ্ভত তেওঁৰ মনু নামে এটি কন্যা জন্মে। ইয়াৰ ৯ মাহ পিছতে সূৰ্য্য়ৱতীৰ পৰলোক প্ৰাপ্তি হয়। শঙ্কৰদেৱে মনুক ৭ বছৰ বয়সতে হৰি নামে উত্তম কায়স্থৰ লৰা এজনলৈ বিবাহ দি ১২জন ভক্তেৰে সৈতে তীৰ্থলৈ যায়। ভাৰতবৰ্ষৰ

⸺⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻

 * আলিপুখুৰী বৰ্ত্তমান মেঘাবাৰী ৰেল ষ্টেচনৰ এমাইলমান দক্ষিণে; তেতিয়া ব্ৰহ্মপুত্ৰৰৰ দাঁতিত আছিল, বৰদোৱা তাৰ প্ৰায় ৮মাইল উত্তৰ পুবে।

 † জন্ম-শঁক লৈ আজি কালি মতভেদ হলেও চৰিত্ৰবোৰত এই তাৰিখ পোৱা যায়।