পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৵৹

প্ৰধান তীৰ্থ সকলোবোৰ দৰ্শন কৰি ১২ বছৰৰ মূৰত আলিপুখুৰীৰ নিজ ঘৰলৈ উলটি আহে। তাতে জ্ঞাতিসকলৰ অনুৰোধত ৫৪ বছৰ বয়সত আকৌ কালিন্দী নামে কন্যা এটি বিয়া কৰায়। ইয়াৰ ৫ বছৰ পিচত শ্ৰীশঙ্কৰদেৱে আন কিছুমান ভূঞাৰ লগত আলিপুখুৰীৰ পৰা উঠি আহি টেম্বুৱনি বৰদোৱাত (কুসুম্বৰৰ সৰিয়হ- তলীত) বসতি কৰে আৰু তাতে এটি হৰিগৃহ স্থাপিত কৰে। তাত ৮ বছৰ থকাৰ পিচত ওচৰৰ কছাৰী সকলৰ লগত ভূঞাসকলৰ বিৰোধ হয় আৰু শ্ৰীশঙ্কৰ- দেৱ আন ভূঞাসকলেৰে সৈতে ব্ৰহ্মপুত্ৰ নদী পাৰহৈ উত্তৰ পাৰে ৰৌতাত গৈ ছমাহমান বাস কৰে। তেতিয়া তেওঁৰ বয়স ৬৭ বছৰ; থকাত অসুবিধা পাই ৰৌতাৰ পৰা উজাই গৈ তেওঁলোক গাঙ্গমৌত ৫ বছৰ বাস কৰে। তাত ডফলাৰ উপদ্ৰৱ হোৱাৰ কাৰণে তেওঁলোক গাঙ্গমৌ এৰি চাঙ্গনি কোমোৰাকটালৈ যায়। এই ঠাই পানীত তল যায় বুলি ৪মাহৰ পিচত শঙ্কৰদেৱ আন ভূঞাসকলৰ লগত ব্ৰহ্মপুত্ৰ পাৰ হৈ গৈ মাজুলীৰ ধোৱাঁহাটা বেলগুৰিত ঘৰ-বাৰী কৰি বাস কৰে। এই ঠাইতে একনিষ্ঠ শক্তি উপাসক শ্ৰীমাধৱদেৱৰ লগত শ্ৰীশঙ্কৰদেৱৰ প্ৰথম সাক্ষাৎ হয় আৰু বাদত পৰাস্ত হৈ মাধৱদেৱে শঙ্কৰদেৱৰ নতুন ভাগৱতী বৈষ্ণৱ ধৰ্ম্ম