৵৹
প্ৰধান তীৰ্থ সকলোবোৰ দৰ্শন কৰি ১২ বছৰৰ মূৰত আলিপুখুৰীৰ নিজ ঘৰলৈ উলটি আহে। তাতে জ্ঞাতিসকলৰ অনুৰোধত ৫৪ বছৰ বয়সত আকৌ কালিন্দী নামে কন্যা এটি বিয়া কৰায়। ইয়াৰ ৫ বছৰ পিচত শ্ৰীশঙ্কৰদেৱে আন কিছুমান ভূঞাৰ লগত আলিপুখুৰীৰ পৰা উঠি আহি টেম্বুৱনি বৰদোৱাত (কুসুম্বৰৰ সৰিয়হতলীত) বসতি কৰে আৰু তাতে এটি হৰিগৃহ স্থাপিত কৰে। তাত ৮ বছৰ থকাৰ পিচত ওচৰৰ কছাৰী সকলৰ লগত ভূঞাসকলৰ বিৰোধ হয় আৰু শ্ৰীশঙ্কৰদেৱ আন ভূঞাসকলেৰে সৈতে ব্ৰহ্মপুত্ৰ নদী পাৰহৈ উত্তৰ পাৰে ৰৌতাত গৈ ছমাহমান বাস কৰে। তেতিয়া তেওঁৰ বয়স ৬৭ বছৰ; থকাত অসুবিধা পাই ৰৌতাৰ পৰা উজাই গৈ তেওঁলোক গাঙ্গমৌত ৫ বছৰ বাস কৰে। তাত ডফলাৰ উপদ্ৰৱ হোৱাৰ কাৰণে তেওঁলোক গাঙ্গমৌ এৰি চাঙ্গনি কোমোৰাকটালৈ যায়। এই ঠাই পানীত তল যায় বুলি ৪ মাহৰ পিচত শঙ্কৰদেৱ আন ভূঞাসকলৰ লগত ব্ৰহ্মপুত্ৰ পাৰ হৈ গৈ মাজুলীৰ ধোৱাঁহাটা বেলগুৰিত ঘৰ-বাৰী কৰি বাস কৰে। এই ঠাইতে একনিষ্ঠ শক্তি উপাসক শ্ৰীমাধৱদেৱৰ লগত শ্ৰীশঙ্কৰদেৱৰ প্ৰথম সাক্ষাৎ হয় আৰু বাদত পৰাস্ত হৈ মাধৱদেৱে শঙ্কৰদেৱৰ নতুন ভাগৱতী বৈষ্ণৱ ধৰ্ম্ম