এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শ্ৰীশঙ্কৰদেৱ৷
শ্ৰীশঙ্কৰদেৱ ১৪৪৯ খৃষ্টাব্দত নগাৱঁৰ আলিপুখুৰীত [১] জন্মগ্ৰহণ কৰে[২]। তেওঁৰ শৈশৱ অৱস্থাতে পিতৃ কুসুম্বৰ শিৰোমণি ভূঞা আৰু মাতৃ সত্যসন্ধ্যা ইহলোক পৰিত্যাগ কৰে। পিতামহী খেৰসুতী আয়ে তেওঁক প্ৰতিপাল কৰে। ১৩ বছৰ বয়সত বিদ্যা-শিক্ষাৰ বাবে তেওঁ মহেন্দ্ৰ কন্দলিৰ ছাত্ৰশালত সোমায় আৰু শিক্ষা শেষ কৰি ১৭ বছৰ বয়সত ঘৰলৈ ফিৰি আহে। ঘৰত তেওঁ যোগ-অভ্যাসত লাগে। ২১ বছৰ বয়সত তেওঁ সূৰ্য্য়ৱতী নামে কায়স্থ কন্যা এটি বিবাহ কৰায়। বিয়াৰ ৩ বছৰ পিচত এইজনা ভাৰ্য্যাৰ গৰ্ভত তেওঁৰ মনু নামে এটি কন্যা জন্মে। ইয়াৰ ৯ মাহ পিছতে সূৰ্য্য়ৱতীৰ পৰলোক প্ৰাপ্তি হয়। শঙ্কৰদেৱে মনুক ৭ বছৰ বয়সতে হৰি নামে উত্তম কায়স্থৰ লৰা এজনলৈ বিবাহ দি ১২জন ভক্তেৰে সৈতে তীৰ্থলৈ যায়। ভাৰতবৰ্ষৰ