পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ২৮ ]

মোৰে বিচ্ছেদ তেনে অসম্ভৱ। বাৰু কওকচোন, যদি মই ব্যভিচাৰিণী হওঁ, আৰু আপোনাক উৎসৰ্গ কৰি দিয়া মোৰ এই কায়াটোক দুৰম্ভ পাপ-মতিয়ে কলুষিত কৰে, আপুনি কেনে পাব? মোক থুই নেপেলাবনে? বিশ্বাসঘাতিনী বুলি গুৰিয়াই নেখে- দাবনে? হাতৰ কাণৰ কাঢ়ি লৈ আজিৰ পৰা সম্বন্ধ চিগিল বুলি মোক মৰিয়াই-কিলাই ঘৰৰ পৰা উলিয়াই নিদিবনে? মই জানিছোঁ আপুনি নোৱাৰে; কাৰণ আপুনি নিজেই তেনে আচৰণ কৰিছে। মোৰ গাত কলঙ্ক সোমাল : মোৰ তেজ পাপৰে মিহলি হল। আমাৰ দুইৰো একে কায়া হোৱাত, আপুনি অবিশ্বাসী হলে আপোনাৰ সংসৰ্গ বিষে মোৰ গাতো নিবিয়া- পিবনে? এতিয়া ইবোৰ-সিবোৰ এড়ি ঘৰত সুকলমে থাককহি; সেইয়ে হলে মোৰো ধৰ্ম্ম ৰয়, আৰু আপোনাৰো মান-সম্ভ্ৰম থাকে।

 কা, নিৰণ—মোকে কৈছানে সুন্দৰী? মই তোমাক দেখোন চিনি নাপাওঁ। মই ইয়াত উঠিবৰ মুঠেই চাইদাঁড় মান বেলিহে হৈছে। মই তোমাৰ কথাও আজিহে শুনিছোঁ; এই দেশলৈ মাথোন আজিহে আহিছোঁ; আৰু যত্ন কৰিও তোমাৰ কথাৰ অৰ্থ একো বুজিব পৰা নাই।

 তৰা—চিঃ! ভিনিহীদেও! আপোনাৰ এটাইবোৰ কথা উল-