পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ২৯ ]

টিল। বাইদেওৰে সৈতে আগেয়ে কেতিয়া আপুনি এনে ব্যৱহাৰ কৰিছিল? তেওঁ কলিমনক আপোনাক ভাত খাবলৈ মাতি আনিবলৈ পঠাইছিল?

 কা, নিৰণ—কলিমনক পঠাইছিল?

 কা, কলি—মোক?

 মালতী—তোকে। তই আহি কোৱ নাইনে তোক কিলালে বুলি! আৰু দেউতাৰে কৈছিল হেনো তৰ “ঘৰা নই বাড়ী নাই, তিৰোতা নাই?”

 কা, নিৰণ—তই এওঁৰে সইতে কথা পাতিছিলিনে? তই নো এওঁৰে সৈতে কথাপাতিবলৈ কেনেকৈ পালি? তহঁতে গোটখাই নো কি ফন্দী পাতিছহঁক?

 কা, কলি—মইনে দেউতা! মই এওঁক এতিয়াহে দেখিছোঁ।

 কা, নিৰণ—দগাবাজ! তই মিছা কথা কৈছ। এওঁ যি কেসাৰ কথা কৈছে, তই সেই কেসাৰ কথাকে বজাৰত মোক কৈছিলি।

 কা, কলি—উপজিবৰে পৰা এওঁৰে সৈতে মই কথা হোৱা নাই।

 কা, নিৰণ—তেনেহলে এওঁ আমাৰ নাম নো কেনেকৈ জানিলে! এওঁ সৰবজান নে কি?

 মালতী—নিজে গম্ভীৰ মূৰ্ত্তি ধৰি লগুৱাক মোৰ মুখে মুখে উত্তৰ দিবলৈ বঢ়াই দিয়াটো ভাল নহয়। বাৰু মোৰেই