পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ২৩ ]

তেওঁক দেখিলেই ফুলি উঠিব। কিন্তু তেওঁ বাড়ীৰ ঘাঁহে গোহালীৰ গৰুৱে ৰাহি নহাৰ দৰে বাহিৰত চৰি ফুৰে, আমাত মন নবহেই।

 তৰা—এইটো তোমাৰ আপোনাকে আপুনি খাই-মৰা ঈৰ্ষ্যাহে। চিঃ! তাক মনত ঠাই নিদিবা।

 মালতী—সাৰ নাইকিয়া মানুহে হে এনে অন্যায় সহিব পাৰে। তেওঁ আন তিৰোতাক পূজি নথকা হলে এতেপৰে এইখিনি পালেহি হেতেন।— সিদিনা তেওঁ মোক এগছ সোণৰ হাৰ দিব খুজিছিল নহয়, তাতেই বা ইমান পৰ লাগি আছে, সেয়েহে যদি হয় তেন্তে তেওঁৰ ওপৰত খঙ্গ নকৰোঁ।

 তৰা— কিমান মানুহক প্ৰেমেই ভয়ানক ঈৰ্ষ্যাৰ পৰবশ কৰে।

[প্ৰস্থান।