বুলি কওক। কাবৌটী কৰিছোঁ, আন এটাক পঠিয়াওক। মোক নপঠিয়াব আৰু।
মালতী—যা, গোলাম, মাতি আনগৈ, নহলে মুড় ভাঙ্গিম ধৰি। বকনবকাবি।
মা, কলি—মই মুঠেই টাংগুটীহে হলোঁ, আপুনি তালৈ কোবমাৰি পঠিয়াব, তত ইয়ালৈ কোবমাৰি পঠিয়াব। এইদৰে হলে মোৰ গাতো ম’হছালেৰে চাই দিব হে লাগিব।
[ প্ৰস্থান।
তৰা—চিঃ! তুমিনো ইমান বিতত হৈছা কিয়?
মালতী—তেওঁ আন বন্ধুৰ সভাত থাকি সভা সুৱনী কৰিছে। মই ইয়াত তেওঁৰ হাঁহিমুখ নেদেখি মনত কষ্ট পাইছোঁ। মোৰ নো আগৰ মনমোহা মুখৰ সৌন্দৰ্য্য নাইকিয়া হলনে? যদিহে নাই তেনেহলে তেওঁৱেইহে নাইকিয়া কৰিছে। মোৰ কথাত অলপো সোৱাদ নাইকিয়া হলনে? মোৰ যদি কথাৰ ৰস কমিছে, তেওঁৰ পেৰাহে। তেওঁ আন তিৰোতাৰ ভাল সাজতেই মোহ যায়নে? সেইটো তো মোৰ দোষ নহয়,কাৰণ তেৱেঁইহে মোক পিন্ধাব-উৰাবৰ গৰাকী। মই যদি কেনেবাকৈ বেয়া হৈছোঁ, তেৱেঁ ইহে বেয়া কৰিছে। তেৱেঁহে কাৰণ। মোৰ যদি মুখৰ সৌন্দৰ্য্য কমিছে