এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
গুণগ্ৰাহী ৰাইজৰ নথৈ শলাগ লৈ, ‘ভূত নে ভ্ৰম’ নাটকৰ দ্বিতীয় তাঙৰণ উলিয়াবলৈ ওলালোঁ। কোৱা বাহুল্য মাথোন যে, ৰাইজৰ, বিশেষকৈ নাট্য সমাজৰপৰা আদিৰ আৰু উৎসাহ নোপোৱা হলে, ই ইমান সোনকালে নতুন সাজপাৰ পিন্ধি বাজলৈ ওলাব নোৱাৰিলেহেঁতেন। এই তাঙৰণত নাট-মন্দিৰৰ সুচল বঢ়াবৰ উদ্দেশ্যে, ঠাই বুজি, অলপ অচৰপ বঢ়া টুটা কৰা হৈছে।
“পদ্মকুটীৰ” তেজপুৰ, অসম। আঘোন, ১৮৬২ শক। |