পৃষ্ঠা:ভূত নে ভ্ৰম.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২। পাতনি।

 গুণগ্ৰাহী ৰাইজৰ নথৈ শলাগ লৈ, ‘ভূত নে ভ্ৰম’ নাটকৰ দ্বিতীয় তাঙৰণ উলিয়াবলৈ ওলালোঁ। কোৱা বাহুল্য মাথোন যে, ৰাইজৰ, বিশেষকৈ নাট্য সমাজৰপৰা আদিৰ আৰু উৎসাহ নোপোৱা হলে, ই ইমান সোনকালে নতুন সাজপাৰ পিন্ধি বাজলৈ ওলাব নোৱাৰিলেহেঁতেন। এই তাঙৰণত নাট-মন্দিৰৰ সুচল বঢ়াবৰ উদ্দেশ্যে, ঠাই বুজি, অলপ অচৰপ বঢ়া টুটা কৰা হৈছে।

“পদ্মকুটীৰ” তেজপুৰ, অসম।
আঘোন, ১৮৬২ শক।
গ্ৰন্থকাৰ
 
⸺🢔●🢖⸺