পৃষ্ঠা:ভূত নে ভ্ৰম.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১। পাতনি।

 অসমীয়া সৰ্ব্বসাধাৰণৰ, বিশেষকৈ অশিক্ষিত গাঁৱলীয়া সমাজৰ মনৰপৰা ভূত-বিশ্বাসমূলক আজন্ম কু-সংস্কাৰ গুচাবৰ অভিপ্ৰায়ে সেই মূল-প্ৰসূত গোটাচাৰেক ভ্ৰম-প্ৰমাদৰ পট আঁকি, এখন নাট অসমীয়া নাটমন্দিৰত মেলাবৰ হাবিয়াহ্‌ এটা ভালেমান দিনৰপৰা লেখকৰ মনত খেলাই আছিল; “ভূত নে ভ্ৰম” তাৰে ফল মাথোন। লেখকৰ পৰি-অহা বয়স চাই, নাটখন ধেমেলীয়া” উপাধি পিন্ধিব যোগ্য নহব পাৰে, সঁচা; কিন্তু তাৰপৰা সমাজৰ গাত পোত্‌‌‌‌ খাই থকা ভূত-ভ্ৰম কিঞ্চিৎমান আঁতৰিলেও তেওঁৰ পৰিশ্ৰম সাৰ্থক হব। প্ৰথম তাঙৰণ ৰাইজৰ আগলৈ উলিয়াই প্ৰমাণ চোৱা হৈছে মাথোন; নাটমন্দিৰাদিত আদৃত হোৱা দেখিলে আৰু শুনিলে, সময়ত ইয়াৰ বহুল উন্নতি সাধিবলৈ মন থাকিল। ইতি—

তেজপুৰ, অসম।
২১ ফাগুন, ১৮৪৬ শক।
বিনীত,
শ্ৰীপদ্মনাথ গোহাঞি বৰুৱা।
 
⸺🢔●🢖⸺