যোৱাকৈ কিন্তু ভূতৰ ভয় লগাবলৈ কিন্তু জানিব লাগে; তেহে কিন্তু আমাৰ ফন্দ্ কিন্তু আঁট খায় মনত কিন্তু ৰাখিবাহঁক কিন্তু!
২য়, কাঃ।— বাৰু, বাৰু, ৰাখিছোঁ মনত। কাইলৈৰপৰা বাৰু দেখিবাহঁক কি কৰোঁ। এই কথা লৈয়ে মই গাৱেঁ গাৱেঁ ফুৰিম নহয়। শুওঁগৈ এতিয়া যাওঁ; আৰু ৰব নোৱাৰি দেও! ( অলপ পৰ টলকা মাৰি বহি কলমটিয়াবলৈ ধৰে।
৩য়, কাঃ।—এৰা, এ-ৰা, এ-ৰা-আ (ঢাল খাই পৰে।
১ম, কাঃ।—বা-বাৰু, কি-কিন্-তু (কাটি হৈ পৰে।)
(ভূতনাথৰ প্ৰবেশ)।
ভূতনাথ।—হাঁয়, হাঁয়! কি শুনিলোঁ! কি দেখিছোঁহি। ইহঁতেই অনৰ্থৰ মূল। কানিয়েই অসম দেশ খালে! কানীয়াই অসমীয়া সমাজ ডুবালে। এনে কানিখোলা নাভাঙ্গিলে ভূত-বিশ্বাস ভঙ্গা টান হৈছে। দেখা যাক, কি কৰিব পাৰোঁ। চাওঁচোঁ, ইহঁতৰ শোৱনটোকে!
১ম, কাঃ।—(টোপনিত) হুঁ-ওঁ, উঁ-হুঁ, বান্ধ! শালপতি! নিয়ে, নিয়ে, নিয়ে কিন্তু এতিয়া মোক। ধৰিলে, ধৰিলে, কিন্তু ধৰিলেহিঔ! (চকু মেলি আছাৰ খাই বাগৰি পৰি) ঔ আই। সঁচাসঁচিকৈ কিন্তু মানুহৰ ৰূপ ধৰি কিন্তু আহিছে! (ভূতনাথলৈ চাই কঁপি কঁপি) ঔ আই! এইটো কিন্তু কি ভূত ঔ? —মানুহৰ ভেশ ধৰি কিন্তু ছলিবলৈ আহিছে। (উঠি ভিৰাই লৰ মাৰি প্ৰস্থান)।
২য়, কাঃ।— (চক্মক্কৈ উঠি ভূতনাথলৈ চাই) ঔ আই! নহয় নো কি! সঁচাকৈ এইটো ভূতঔ! বান্ধ, বান্ধ! (উঠি লৰি প্ৰস্থান)।
২, কাঃ।— (ভূতনাথলৈ চঁক্ ধৰি চাই) ঔ বুপাই। সঁচাকৈয়ে এইটো মনিষ্-ভূত ঔ! ধৰিলেঔ! খালেঔ! মৰিলোঁ ঔ! (উধাতু খাই পলাই প্ৰস্থান)।