দ্বিতীয় পট।
(ফজলুৰৰ পঢ়া-কোঠা)
ধৰ্ম্মেশ্বৰ, সোণেশ্বৰ আৰু ফজলুৰ।
সোণেশ্বৰ। — “যি বোলাঁ লাগে ভাই, মোৰ হলে মনৰপৰা বিশ্বাসটো যোৱা নাই। ভাবি যাওঁ ভুত নাই বুলি, কিন্তু গৈ গৈ ভূত থকা ঠাই পাৰ হওঁতে গাটো চেবাই উঠেচোন!
ফজলুৰ। — হঁচা ভাই, মোৰো তেনেকুৱা লাগে। কেতিয়াবা হই থাকোঁতেই চয়তানে হেঁচা মাৰি ধৰেহি। কেতিয়াবা যে মই টোপনিতে মক্- মকাই উঠোঁ! বুবাজিয়ে হেঁচুকি জগোৱাই দিয়া মাত্ৰকে চয়তানটো চাঁত্কৰে নেদেখা হয়।
সোণেশ্বৰ। — এৰা, কেতিয়াবা আকৌ সি বাঘ হৈ খাবলৈ আহে, নাইবা সাপ হৈ খুটিবলৈ খেদে; টোপনিতে লৰোঁ হে লৰোঁ, আগুৱাব নোৱাৰোঁ। পিচে, চাঁত্কৰে সাৰ পালেই সি ময়াপী হৈ যায়! ভূত নহয় যে বাৰু সি কি! কোৱাচোন ভাই।
ধৰ্ম্মেশ্বৰ। — নহয় ভুত। তাৰ কাৰণ ভুতনাথ ভাই আহিলে সুধিবাঁ, তেওঁ ভালকৈ বুজাই কব।
(ভুতনাথৰ প্ৰৱেশ)।
ফজলুৰ। — এ হে! আহাঁ, আহাঁ ভাই, আহাঁ। তুমি বহুত দিন জীবাঁ ভাই!
ভুতনাথ। — কিয়? কোন্খন পঞ্জিকাত নো গণনা পালাঁ? মোৰ সোৱঁৰণী আঁকিছিলা নে কি?
ফজলুৰ। — হেই চব নহয় ভাই। এই মাত্ৰ তোমাৰ নাম লোৱা হৈছিল। নাম লওঁতেই তুমি ওলালাঁহি। হেইকাৰণে তুমি বহুত দিন জীবাঁ।
ভুতনাথ। — (হাঁহি ২) অ, সেই বাবে! হওঁতে বিধিখন বেয়া নহয়।