পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান 80 পঞ্চম ভাগসংঘ অনুচ্ছেদ ১২৪ চতুৰ্থ অধ্যায় সংঘব ন্যায়পালিকা উচ্চতম ন্যায়ালয়ৰ ১২৪(১) ভাৰতৰমুখ্য ন্যায়াধিপতি এজন আৰু যেতিয়ালৈকে সংসদে বিধিৰ দ্বাৰা আৰু বেছি স্থাপন আৰু গঠন। সংখ্যা নিৰ্দ্ধাৰণ নকৰে তেতিয়ালৈকে অনধিক সাতজন ’ আন ন্যায়াধীশেৰে গঠিত ভাৰতৰ এখন উচ্চতম ন্যায়ালয় হ'ব। (২) উচ্চতম ন্যায়ালয়ৰ আৰু ৰাজ্যসমূহৰ উচ্চ ন্যায়ালয় সমূহৰ যি সকল ন্যায়াধীশৰ লগত ৰাষ্ট্ৰপতিয়ে সেই প্ৰয়োজনত আৱশ্যক বিবেচনা কৰে, সেই সকলৰ লগত পৰামৰ্শ কৰাৰ পাচত; ৰাষ্ট্ৰপতিয়ে নিজ হস্তাক্ষৰ আৰু মুদ্ৰাংকিত অধিপত্ৰৰ দ্বাৰা উচ্চতম ন্যায়ালয়ৰ প্ৰতিজন ন্যায়াধীশক নিযুক্ত কৰিব আৰু তেওঁ পয়ষষ্ঠি বছৰ বয়স নোহোৱালৈকে পদ ধাৰণ কৰিব? পৰন্তু, মুখ্যন্যায়াধিপতিৰ বাহিৰে আন ন্যায়াধীশৰ নিযুক্তিৰ বিষয়ত ভাৰতৰ মুখ্য ন্যায়াধিপতি, সৈতে সদায় পৰামৰ্শ কৰিব? অধিকন্তু, (ক) কোনো ন্যায়াধীশে স্বহস্ত লিখনৰ দ্বাৰা ৰাষ্ট্ৰপতিক সম্বোধন কৰি, তেওঁৰ পদ ত্যাগ কৰিব পাৰে; (খ) খণ্ড (৪) ত উপবন্ধিত ৰীতিৰে কোনো ন্যায়াধীশক তেখেতৰ পদৰ পৰা অপসাৰিত , কৰিব পৰা যাব। ২(২ক) উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ বয়স এনে প্ৰাধিকাৰীৰ দ্বাৰা আৰু এনে ৰীতি অনুসাৰে নিৰ্ধাৰিত কৰা হ’ব যিটোনেকি সংসদে বিধিৰ দ্বাৰা উপবন্ধিত কৰে। (৩) কোনো ব্যক্তি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্ত হ’বলৈ অহনহব যদিহে তেওঁ ভাৰতৰ। নাগৰিক নহয় আৰু — (ক) এখন উচ্চ ন্যায়ালয়ত অথবা দুখন বা ততোধিক তেনে ন্যায়ালয়ত একে লেঠাৰিয়ে অতি কমেও পাঁচ বছৰ কাল ন্যায়াধীশ হোৱা নাছিল, অথবা (খ) এখন উচ্চ ন্যায়লয়ত অথবা দুখন বা ততোধিক তেনে ন্যায়ালয়ত একে লেঠাৰিয়ে অতি কমেওদহ বছৰ কাল অধিবক্তা হোৱা নাছিল, অথবা (গ) ৰাষ্ট্ৰপতিৰ বোধেৰে এজন প্ৰখ্যাত ন্যায়বিশাৰদ নহয়। স্পষ্টীকৰণ ১। এই খণ্ডত “উচ্চ ন্যায়ালয়” বুলিলে যি উচ্চ ন্যায়ালয়ে ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ কোনো ভাগত ক্ষেত্ৰাধিকাৰ প্ৰয়োগ কৰিছে অথবা এই সংবিধানৰ প্ৰাৰম্ভণিৰ পূৰ্ব্বে যিকোনো সময়ত প্ৰয়োগ কৰিছিল তেনে উচ্চ ন্যায়ালয়ক বুজাব। স্পষ্টীকৰণ ২'— এই খণ্ডৰ প্ৰয়োজনৰ নিমিত্তে কোনো ব্যক্তিৰ অধিবক্তা হৈ থকা কালছোৱা সংগণনা কৰোতে তেওঁ অধিবক্তা হোৱাৰ পিচত্ জিলা ন্যায়াধীশতকৈ নিম্ন স্তৰৰ নোহোৱা নায়িক পদ ধাৰণ কৰা কালছোৱাকো অন্তৰ্ভুক্ত কৰা হ'ব। ১।বৰ্তমান ‘সোতৰজন’(১৯৭৭ চনৰ অধিনিয়ম ৪৮ দ্ৰষ্টব্য)। ২। সংবিধান (পঞ্চদশ সংশোধন) অধিনিয়ম, ১৯৬৩ৰ ২ ধাৰাৰ দ্বাৰা অন্তঃ স্থাপিত কৰা হৈছে।