পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

88 ভাৰতৰ সংবিধান পঞ্চম ভাগসংঘ অনুচ্ছেদ ১২৪-১২৭ (৪) সিদ্ধ কদাচাৰ আৰু অসমৰ্থতাৰ হেতুত অপসাৰণ কৰিবৰ নিমিত্তে সংসদৰ প্ৰত্যেক সদনৰ মুঠ সদস্য সংখ্যাৰ সংখ্যাধিক্যৰ দ্বাৰা আৰু তেনে সদনত উপস্থিত আৰু ভোট দিয়া সদস্য সংখ্যাৰ অনুন দুই-তৃতীয়াংশ সংখ্যাধিক্যৰ দ্বাৰাসমৰ্থিত সমাবেদন ৰাষ্ট্ৰপতিৰওচৰত সেই একে অধিবেশনতে নিবেদন কৰাৰ পিচত ৰাষ্ট্ৰপতিয়ে আদেশ নিদিলে উচ্চতম ন্যায়ালয়ৰ কোনো ন্যায়াধীশক তেওঁৰ পদৰ পৰা অপসাৰণ কৰিব নোৱাৰিব। (৫) খণ্ড (৪)ৰ অধীনত কোনো সমাবেদন নিবেদিত কৰিবৰ কাৰণে আৰু কোনো ন্যায়াধীশৰ কদাচাৰ আৰু অসমৰ্থতা অনুসন্ধান আৰু সিদ্ধ কৰাৰ প্ৰক্ৰিয়া সংসদে বিধিৰ দ্বাৰা বিনিয়মন কৰিব পাৰে। (৬) উচ্চতমন্যায়লয়ৰন্যায়াধীশ স্বৰূপে নিযুক্ত প্ৰত্যেক ব্যক্তিয়ে তেওঁৰ পদ গ্ৰহণ কৰাৰ পূৰ্ব্বে ৰাষ্ট্ৰপতিৰঅথবা তেওঁৰদ্বাৰা সেইমৰ্মে নিযুক্ত কোনোব্যক্তিৰআগত তৃতীয়অনুসূচীত এই প্ৰয়োজনৰ নিমিত্তে দিয়া প্ৰপত্ৰ অনুসাৰে শপত লৰ্ব অথবা প্ৰতিজ্ঞান কৰিব আৰু তাত হস্তাক্ষৰ কৰিব। (৭) উচ্চতমন্যায়ালয়ৰন্যায়াধীশ স্বৰূপেপদ ধাৰণকৰি অহা কোনোব্যক্তিয়ে ভাৰতৰৰাজ্যক্ষেত্ৰৰ ভিতৰত কোনো ন্যায়ালয়ত বা কোনো প্ৰাধিকাৰীৰ আগত ওকালতি বা কাৰ্য কৰিব নোৱাৰিব। আদি। ১২৫।[(১) উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সকলক এনে বেতন দিয়া হ'ব যি সংসদে, বিধি দ্বাৰা, অৱধাৰিত কৰে আৰু যেতিয়ালৈকে এই মৰ্মে এনে প্ৰকাৰৰ উপবন্ধ কৰা নহয়, তেতিয়ালৈকে ন্যায়াধীশ সকলৰ বেতন এনে বেতন দিয়া হ'ব যি দ্বিতীয় অনুসূচীত বিনিৰ্দিষ্ট কৰা হৈছে।] (২) প্ৰত্যেকজনন্যায়াধীশ এনে বিশেষাধিকাৰৰ আৰু ভাত্তাৰ, তথা অনুপস্থিতি ছুটীআৰু অৱসৰ বেতনৰসম্বন্ধত এনে অধিকাৰৰহকাৰহবযিটোনেকিসংসদে বিধিৰ দ্বাৰা বা অধীনত সময়ে সময়ে নিদ্ধাৰিত কৰা হয়, আৰু এনেকৈ নিৰ্ধাৰিত নোহোৱা পৰ্য্যন্ত এনে বিশেষাধিকাৰ, ভাত্তা আৰু অধিকাৰৰ হাৰ হ'ব যিবোৰ নেকি দ্বিতীয় অনুসূচীত বিনিদিষ্ট কৰা হৈছেঃ পৰস্তু, কোনোন্যায়াধীশৰ নিযুক্তিৰ পিছত তেওঁৰ প্ৰতিকূলে তেওঁৰ কোনো বিশেষাধিকাৰৰ বা ভাৱাৰ নাইবা তেওঁৰ অনুপস্থিতি ছুটী অথবা অৱসৰ বেতন সম্বন্ধীয় অধিকাৰৰ কোনো পৰিৱৰ্তন কৰিব নোৱাৰিব। ১২৬। যেতিয়া ভাৰতৰ মুখ্য ন্যায়াধিপতিৰ পদ খালি হয় অথবা যেতিয়া মুখ্য ন্যায়াধিপতিয়ে অনুপস্থিতি বা অন্য কোনো কাৰণত তেওঁৰ নিজ পদৰ কৰ্তব্য পালন কৰিবলৈ অসমৰ্থ হয় তেতিয়া কাৰ্যকাৰী মুখ্য ৰাষ্ট্ৰপতিয়ে সেই প্ৰয়োজনৰ বাবে নিযুক্ত কৰা সেই ন্যায়ালয়ৰ আন ন্যায়াধীশ সকলৰ এজনে সেই ন্যায়াধিপতিবনিযুক্তি। পদৰ কৰ্তব্য সমূহ পালন কৰিব। ১২৭।(১) যদি কোনো সময়ত উচ্চতম ন্যয়ালয়ৰ ন্যায়াধীশ সকলৰ উক্ত ন্যায়ালয়ৰ সত্ৰ বহুৱাবলৈ বা চলাই থাকিবলৈ ঘূল গঠন নহয়, তেতিয়া ভাৰতৰ মুখ্য ন্যায়াধিপতিয়ে ৰাষ্ট্ৰপতিৰ অদৰ্থন্যায়াধীশৰ পূৰ্বসন্মতি ক্ৰমে আৰু সংশ্লিষ্ট উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধিপতিৰ লগত পৰামৰ্শ কৰাৰ পাচত নিযুক্তি। উচ্চতমন্যায়ালয়ৰন্যায়াধীশ নিযুক্ত হোৱাৰ যথাৰীতি অৰ্হতা সম্পন্ন আৰু ভাৰতৰ মুখ্যন্যায়াধিপতিয়ে নামোৰ্দিষ্ট কৰা কোনো উচ্চ ন্যায়ালয়ৰ এজন ন্যায়াধীশক উচ্চতম ন্যায়ালয়ৰ বৈঠকত যিমানখিনি কালৰ বাবে আৱশ্যক সিমানখিনি কালৰ বাবে তদৰ্থ ন্যায়াধীশ স্বৰূপে উপস্থিত থকাৰ কাৰণে লিখিতভাৱে অনুৰোধ কৰিব পাৰে। ১। সংবিধান (চতুঃপঞ্চাশত্তম সংশোধন) অধিনিয়ম, ১৯৮৬ ৰ ধাৰা ২ ৰ দ্বাৰা (১-৪-১৯৮৬ৰ পৰা প্ৰভাৱী হোৱাকৈ খণ্ড (১) বাবে প্ৰতিষ্ঠাপিত।