পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

82 ভাৰতৰ সংবিধান পঞ্চম ভাগ্নসংঘ অনুচ্ছেদ ১২০-১২৩ ১২০।(১) সপ্তদশ ভাগত যিকোনো কথা থাকিলেও, অনুচ্ছেদ ৩৪৮ৰউপবন্ধাৱলীৰ সাপেক্ষে সংসদত প্ৰয়োগ হব সংসদৰ কাৰ্য্য হিন্দী অথবা ইংৰাজীত সম্পাদন কৰিব লাগিব ঃ লগীয়া ভাষা। পৰস্তু, স্থানবিশেষে ৰাজ্য সভাৰ সভাপতিয়ে বা লোক সভাৰ অধ্যক্ষই, অথবা তেনে স্বৰূপে কাৰ্য্য নিৰ্বাহকৰা ব্যক্তিয়ে এনে যিকোনো সদস্যক যি হিন্দী অথবা ইংৰাজীত পৰ্য্যাপ্তৰূপে নিজক অভিব্যক্ত কৰিব নোৱাৰে, তেওঁৰ মাতৃভাষাৰে সদনক সম্বোধন কৰিবলৈ অনুমতি দিব পাৰে। (২) সংসদে বিধিৰ দ্বাৰা অন্যথা উপবন্ধিত নকৰিলে, এই সংবিধানৰ প্ৰাৰম্ভণিৰ পৰা পোন্ধৰ বছৰ কাল সমাপ্তিৰ পাচত এই অনুচ্ছেদত “বা ইংৰাজীত ” এই শব্দ দুটা লোপ হোৱাৰ নিচিনাকৈ এই অনুচ্ছেদ প্ৰভাৱীহব। ১২১।ইয়াৰ পিচত উপবন্ধিত কৰা অনুসাৰে কোমোন্যায়াধীশক অপসাৰণ কৰিবৰ কাৰণে প্ৰাৰ্থনা সংসদত আলোচনাৰ কৰিৰাষ্ট্ৰপতিক সমাবেদন জনোৱা প্ৰস্তাৱৰ ওপৰত হোৱা আলোচনাৰ বাহিৰে উচ্চতম ন্যায়ালয়ৰ ওপৰত নিবন্ধন। উচ্চ ন্যায়ালয়ৰ কোনোন্যায়াধীশে নিজ কৰ্ত্তব্য পালন কৰোতে কৰা আচৰণ সম্পৰ্কে সংসদত কোনো আলোচনা হব নোৱাৰিব। ১২২।(১)প্ৰক্ৰিয়াৰ কোনো অভিকথিত অনিয়মিতাৰকাৰণত সংসদৰ কোনো কাৰ্য্যবাহীৰমান্যতাৰ সংসদৰকাৰ্যবাহী সম্পৰ্কে কোনো আপত্তি কৰিব নোৱাৰিব। সম্পৰ্কতন্যায়ালয়ে (২) সংসদৰ এনে কোনো পদাধিকাৰীবা সদস্য যাৰ ওপৰত এই সংবিধানৰ দ্বাৰা অথবা অধীনত পৰিচ্ছানকৰিব। সংসদৰপ্ৰক্ৰিয়াৰ বাকাৰ্য্য-পৰিচালনাৰ বিনিয়মন কৰিবলৈ অথবা শৃঙ্খলা ৰক্ষা কৰিবলৈ ক্ষমতা ন্যস্ত কৰা হয় তেওঁ সেই ক্ষমতাবিলাক নিজে প্ৰয়োগ কৰাৰ সম্পৰ্কত কোনো ন্যায়ালয়ৰ ক্ষেত্ৰাধিকাৰৰ অধীননহব। তৃতীয়অধ্যায়ৰাষ্ট্ৰপতিৰ বিধায়িনী ক্ষমতা ১২৩ (১) সংসদৰউভয় সদনৰ অধিবেশন চলি থকা সময়ৰ বাহিৰে যদি কোনো সময়ত ততালিকে, সংসদৰ বিশ্ৰান্তিকালত কাৰ্য্য কৰিবলৈ প্ৰয়োজন হোৱা পৰিস্থিতি বিদ্যমান বুলি ৰাষ্ট্ৰপতি পতিয়ন হয়, তেনেহলে তেওঁ এনে, বাষ্ট্ৰপতি অধ্যাদেশ অধ্যাদেশ প্ৰখ্যাপন কৰিব পাৰে যিটোনেকি সেই পৰিস্থিতি আৱশ্যকীয় বুলি প্ৰতীত হয়। প্ৰখ্যাপন কৰাব ক্ষমতা। (২) এই অনুচ্ছেদৰ অধীনত প্ৰখ্যাপন কৰা অধ্যাদেশ, সংসদ অধিনিয়মৰ সৈতে একে বল আৰু প্ৰভাৱ হ'ব, কিন্তু এনে প্ৰত্যেক অধ্যাদেশ -- (ক) সংসদৰ উভয় সদনৰ আগত দাঙি ধৰা হ'ব আৰু সংসদ পুনঃসমবেত হোৱাৰ ছয় সপ্তাহৰঅন্তত অথবা, সেই কাল সমাপ্তিৰ পূৰ্ব্বে উভয় সদনে ইয়াক অনুমোদন কৰি সংকল্প পাৰণ কৰিলে, তেনে সংকল্পৰ দ্বিতীয়টো পাৰিত হলেই প্ৰৱৰ্তনৰ সমাপ্তি ঘটিব; আৰু (খ) ৰাষ্ট্ৰপতিৰ দ্বাৰা যিকোনো সময়তে প্ৰত্যাহৃত হ’ব পাৰিব। স্পষ্টীকৰণ - যেতিয়া সংসদ সদন কেইটা পৃথক পৃথক তাৰিখত পুনঃ সমবেত হ'বৰ কাৰণে আহৃত হয়, এই খণ্ডৰ প্ৰয়োজনৰ নিমিত্তে ছয় সপ্তাহ কাল সেই তাৰিখ দুটাৰ পিচৰ তাৰিখটোৰ পৰা গণনা কৰা হব। (৩) এই অনুচ্ছেদৰ অধীনত কৰা কোনো অধ্যাদেশে যদি আৰু যি পৰিমাণে এনে কোনো উপবন্ধ, কৰে যিটোনেকি এই সংবিধানৰ অধীনত সংসদে অধিনিয়মিত কৰিবলৈ সক্ষমনহয়, তেনেহ'লে সেই অধ্যাদেশ সেই পৰ্য্যন্তবাতিল হ'ব। [(8)

  • ]

১। সংবিধান (অষ্টত্ৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৫ৰ ধাৰা ২ ৰ দ্বাৰা খণ্ড (৪) অন্তঃ স্থাপিত কৰা হৈছিল কিন্তু সংবিধান (চতুঃচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৮ৰ ধাৰা ১৬ৰ দ্বাৰা লোপ কৰা হ’ল (২০-৬-৭৯ তাংৰ পৰা)।