পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

80 ভাৰতৰ সংবিধান পঞ্চম ভাগসংঘ অনুচ্ছেদ ১১৩-১১৬ (৩) ৰাষ্ট্ৰপতিৰ চুপাৰিছ বিনা কোনো অনুদানৰ অভিযাচনা কৰা নহব। ১১৪(১) লোকসভাই অনুচ্ছেদ ১১৩ অধীনত অনুদান সমূহ মঞ্জুৰীকৰাৰ পিচত যথাশীঘ্ৰে বিনিয়োজন নিম্নোক্ত ব্যয় সমূহ পুৰণাৰ্থে আৱশ্যক হোৱা সকলো ধন ভাৰতৰ সঞ্চিত নিধিৰ পৰা বিনিয়োজন বিধেয়ক। কৰাৰ উপবন্ধ কৰি বিধেয়ক উত্থাপিত কৰিব (ক) লোক সভাৰ দ্বাৰা এনেকৈ মঞ্জুৰী কৰা অনুদান সমূহ; আৰু (খ) ভাৰতৰ সঞ্চিত নিধিৰ ওপৰত ভৰিত ব্যয়, কিন্তু কোনো ক্ষেত্ৰতে সংসদৰ আগত পূৰ্বে দাঙি ধৰা বিৱৰণত দৰ্শোৱা ৰাশিতকৈ এই ব্যয় অধিক হবনোৱাৰিব। (২) সংসদৰ কোনো সদতে এনে বিধেয়কৰ ওপৰত এনে সংশোধনৰ প্ৰস্তাৱ নকৰিব যাৰ . ফলত এনেকৈ মঞ্জুৰী কৰা কোনো অনুদানৰ ধনৰ ৰাশিৰ হেৰফেৰ অথবা লক্ষ্যৰ পৰিৱৰ্তন অথবা ভাৰতৰ সঞ্চিত নিধিৰ ওপৰত ভৰিত কোনো ব্যয়ৰ ৰাশিৰ হেৰফেৰ হয়, আৰু এই খণ্ডৰ অধীনত কোনো সংশোধন অগ্ৰাহ্য হয় নে নহয় সেই বিষয়ে পীঠাসীন ব্যক্তিৰ বিনিশ্চয়েই চূড়ান্ত হব। (৩) অনুচ্ছেদ ১১৫ আৰু ১১৬ ৰ উপন্ধাৱলীৰ সাপেক্ষে এই অনুচ্ছেদৰ উ পবন্ধ অনুসৰি পাৰিত বিধিৰ দ্বাৰা কৰা বিনিয়োজনৰ অধীন ব্যতিৰেকে ভাৰতৰ সঞ্চিত নিধিৰ পৰা কোনো ধন উলিয়াব নোৱাৰিব। ১১৫।(১) ৰাষ্ট্ৰপতিয়ে (ক) যদি অনুচ্ছেদ ১১৪ৰ উপবন্ধাৱলী অনুসৰি কৰা কোনো বিধিৰ দ্বাৰা চলিত বিত্তীয় অনুপূৰক, উপৰুৱা বছৰত কোনো বিশেষ সেৱাৰ কাৰণে ব্যয় কৰিবলৈ প্ৰাধিকৃত ধনৰাশি সেই বছৰৰ অথবা অতিৰিক্ত প্ৰয়োজনৰ বাবে পৰ্যাপ্ত নহয় অথবা যেতিয়া চলিত বিত্তীয় বছৰত উক্ত বছৰৰ অনুদান। বাৰ্ষিক বিত্তীয় বিৱৰণত অচিন্তিত কোনো নতুন সেৱাৰ কাৰণে অনুপূৰক বা উপৰুৱা ব্যয়ৰ আৱশ্যকতাৰ উদ্ভব হয়, অথবা (খ) যদি কোনো বিত্তীয় বছৰত কোনো সেৱাৰ কাৰণে সেই সেৱাত উক্ত বছৰত কৰা অনুদানৰ ৰাশিতকৈ অতিৰিক্ত ধন ব্যয় কৰা হয়, সেই ব্যয়ৰ প্ৰাক্কলিত ৰাশিদৰ্শাই স্থান বিশেষে সংসদৰউভয় সদনত আন এটা বিৱৰণ দিয়াব অথবা লোক সভাত এনে 'অতিৰিক্ততাৰ অভিযাচনা উত্থাপিত কৰোৱাব। (২) বাৰ্ষিক বিত্তীয় বিৱৰণ আৰু তাত বৰ্ণিত ব্যয় অথবা অনুদানৰ কোনো অভিযাচনা আৰু ভাৰতৰ সঞ্চিত নিধিৰ পৰা এনে কোনো ব্যয় বা অনুদান পূৰণৰ নিমিত্তে ধনৰবিনিয়োজন প্ৰাধিকৃত কৰিবলৈ প্ৰস্তুত কৰিব লগীয়া বিধিৰ সম্পৰ্কত অনুচ্ছেদ ১১২,১১৩ আৰু ১১৪ৰ উপবন্ধ সমূহ যেনেকৈ প্ৰভাৱী হয়, এনে কোনো বিৱৰণ আৰু ব্যয় বা অভিযাচনাৰ সম্পৰ্কত তথা ভাৰতৰ সঞ্চিত নিধিৰ পৰা এনে ব্যয় অথবা এনে অভিযাচনা সম্বন্ধীয় অনুদান পূৰণৰ নিমিত্তে ধনৰ বিনিয়োজন প্ৰাধিকৃত কৰাৰ অৰ্থে কৰা কোনো বিধিৰ সম্পৰ্কত সেই উপবন্ধসমূহ তেনেকৈয়ে প্ৰভাৱী হব। ১১৬।(১) এই অধ্যায়ৰ পূৰ্বৱৰ্তী উপবন্ধ সমুহত কোনো কথা থকা সত্ত্বেও লেখা অনুদান, ঋণ অনুদান, ব্যতিক্ৰমী (ক) তেনে অনুদানত ভোটদানৰ কাৰণে অনুচ্ছেদ ১১৩ ত বিহিত প্ৰক্ৰিয়া আৰু সেই ব্যয়ৰ সম্পৰ্কত অনুচ্ছেদ ১১৪ৰউপবন্ধাৱলী অনুযায়ী বিধি পাৰিত হোৱাৰ সাপেক্ষে অনুদান। কোনো বিত্তীয় বছৰৰ এছোৱাৰ কাৰণে প্ৰাক্কলিত ব্যয় সম্পৰ্কে অগ্ৰিম কোনো অনুদান দিবলৈ, (খ) যেতিয়া সেৱাৰ গুৰুত্ব বা অনিশ্চিত লক্ষণৰ কাৰণে বছৰেকীয়া বিত্তীয় বিৱৰণীত সাধাৰণতে দিয়া বিস্তৃত কথাৰে অভিযাচনাটো বৰ্ণিত কৰিব নোৱাৰে তেতিয়া ভাৰতৰ সম্পদ ৰাজিৰ ওপৰত অপ্ৰত্যাশিত অভিযাচনা পূৰণৰ অৰ্থে অনুদান দিবলৈ;