পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান os পঞ্চম ভাগসংঘ অনুচ্ছেদ ১১২-১১৩ (২) বাৰ্ষিক বিত্তীয় বিৱৰণত সন্নিবিষ্ট থকা ব্যয়ৰ প্ৰাক্কলনত – (ক) এই সংবিধানৰ দ্বাৰা ভাৰতৰ সঞ্চিত নিধিৰ ওপৰত ভৰিত ব্যয় বুলি বৰ্ণিত হোৱা ব্যয় পূৰণৰ বাবে প্ৰয়োজনীয় ধন ৰাশি; (খ) ভাৰতৰ সঞ্চিত নিধিৰ ৰা ব্যয় কৰিবলৈ প্ৰস্তাবিত অন্য ব্যয় পূৰণৰ কাৰণে প্ৰয়োজনীয় ধনৰাশি, পৃথককৈ দেখুৱাব আৰু ৰাজস্ব লেখাৰ ব্যয় আন ব্যয়ৰ পৰা প্ৰভেদ কৰি দেখুৱাব। (৩) নিম্নোক্ত ব্যয় সমূহ ভাৰতৰ সঞ্চিত নিধিৰ ওপৰত ভৰিত ব্যয় হব—- (ক) ৰাষ্ট্ৰপতিৰ উপলব্ধি আৰু ভাত্তা সমূহ আৰু তেওঁৰ পদ সম্পৰ্কীয় আন ব্যয়; (খ) ৰাজ্য সভাৰ সভাপতি আৰু উপ-সভাপতি আৰু লোকসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষ বেতন আৰু ভাত্তা সমূহ; (গ) সুদ, নিক্ষেপ-নিধি ভাৰ আৰু বিমোচন ভাৰ অন্তৰ্গত কৰি ভাৰত চৰকাৰৰ দায়িত্বধীন ঋণ ভাৰ সমূহ আৰু ধাৰ গ্ৰহণ আৰু ঋণ সেৱা আৰু ঋণ বিমোচন সম্পৰ্কীয় অন্য ব্যয় সমূহ। (ঘ) (i) উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সকলক বা ন্যায়াধীশ সকলৰ সম্বন্ধত দিব লগা বেতন,ভাত্তা আৰু অৱসৰ বেতন; (ii) ফেডাৰেল ন্যায়ালয়ৰ ন্যায়াধীশ সকলক বা ন্যায়াধীশ সকলৰ সম্বন্ধত দিব লগা অৱসৰ (iii) যি উচ্চ ন্যায়ালয়ে ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ অন্তৰ্ভুক্ত কোনো ক্ষেত্ৰ সম্পৰ্কে ক্ষেত্ৰাধিকাৰ প্ৰয়োগ কৰেঅথবা এই সংবিধানৰ প্ৰাৰম্ভণিৰ পূৰ্ব্বে যিকোনো সময়ত [ভাৰত ডমিনিয়নৰ কোনো ৰাজ্যপালৰপ্ৰদেশৰ] অন্তৰ্ভুক্ত কোনো ক্ষেত্ৰ সম্পৰ্কে ক্ষেত্ৰাধিকাৰ প্ৰয়োগ কৰিছিল, সেই উচ্চ ন্যায়ালয় সমূহৰ ন্যায়াধীশ সকলক বা ন্যায়াধীশ সকলৰ সম্বন্ধত দিব লগা অৱসৰ বেতন; + (ঙ) ভাৰতৰ নিয়ন্ত্ৰক-মহালেখা পৰীক্ষকক বা তেওঁৰ সম্বন্ধত দিব লগা বেতন, ভাত্তা আৰু অৱসৰ বেতন; (চ) কোনো ন্যায়ালয় অথবা মধ্যস্থ-ন্যায়াধিকৰণৰ কোনো নিৰ্ণয়, ডিক্ৰী বা ৰায়ৰ তুষ্টিৰ অৰ্থে প্ৰয়োজনীয় কোনো ধনৰাশি; এই সংবিধানৰ দ্বাৰা অথবা সংসদে বিধিৰ দ্বাৰা এনে ভাবে ভাৰিত হব বুলি ঘোষণা কৰা আন কোনো ব্যয়। সংসদত প্ৰাক্কলন ১১৩। (১) প্ৰাক্কলনত ভাৰতৰ সঞ্চিত নিধিৰ ওপৰত ভৰিত ব্যয় সম্পৰ্কীয় যিখিনি ব্যয় সম্পৰ্কীয় প্ৰক্ৰিয়া। থাকে সেইখিনি সংসদৰ ভোটৰ বাবে দিয়া নহব, কিন্তু এই খণ্ডৰ কোনো কথাই সেই প্ৰাককলন। সমূহৰ কোনোটোক সংসদৰ যিকোনোটো সদনত আলোচনা। কৰাৰ পৰা নিবাৰণ কৰা বুলি অৰ্থ কৰা নহব। (২) উক্ত প্ৰাক্কলনৰ যিমানখিনি অন্য ব্যয় সম্পৰ্কীয় হয় সেই পৰিমাণে অনুদান অভিযাচনাৰ ৰূপত লোক সভাত দাঙি ধৰিব আৰু যিকোনো অভিযাচনাত অনুমতি দিবলৈ বা অনুমতি অস্বীকাৰ কৰিবলৈ অথবা তাত বিনিৰ্দিষ্ট ৰাশিৰ নকৰণ সাপেক্ষে কোনো অভিযাচনাত অনুমতি দিবলৈ লোক সভাৰ ক্ষমতা থাকিব। (১) সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ ৰ ২৯ ধাৰা আৰু অনুসূচীৰ দ্বাৰা “প্ৰথম অনুসুচীৰ (ক) ভাগত নিৰ্দেশিত ৰাজ্যৰ তস্থানীয় কোনো প্ৰদেশৰ পৰিৱৰ্ত্তে প্ৰতিষ্ঠাপিত।