পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰসংবিধান ৪১ বিজ্ঞয় বিধেয়ক সম্পৰ্কে বিশেষ উপবন্ধাবলী। পঞ্চম ভাগ-সংঘ অনুচ্ছেদ ১১৬-১১৯ (গ) কোনো বিত্তীয় বছৰৰ চলিত সেৱাৰ অংগীভূত নোহোৱা ব্যতিক্ৰম অনুদান দিবলৈ; লোক সভাৰ ক্ষমতা থাকিব, আৰু উপৰোক্ত অনুদান সমূহ যি প্ৰয়োজনৰ বাবে দিয়া হয় তাৰ বাবে ভাৰতৰ সঞ্চিত নিধিৰ পৰা ধন উলিওৱাৰ কাৰণে বিধিৰ দ্বাৰা প্ৰাধিকৃত কৰিবলৈ সংসদৰ ক্ষমতা থাকিব। (২) বাৰ্ষিক বিত্তীয় বিৱৰণত উল্লিখিত ব্যয়ৰ সম্বন্ধত অনুদান দিয়াৰ সম্পৰ্কে আৰু তেনে ব্যয় পূৰণাৰ্থে ভাৰতৰ সঞ্চিত নিধিৰ পৰা ধন বিনিয়োজনৰ প্ৰাধিকাৰ দিয়াৰ অৰ্থে বিধি প্ৰণয়নৰ সম্পৰ্কত অনুচ্ছেদ ১১৩ আৰু ১১৪ ৰ উপবৃন্ধাৱলীৰ যি প্ৰভাৱ হয় খণ্ড (১)ৰ অধীনত দিয়া কোনো অনুদান, আৰু সেই খণ্ডৰ অধীনত প্ৰণয়ন কৰিব লগীয়া কোনো বিধিৰ সম্পৰ্কতো তাৰ সেই একেই প্ৰভাৱ হব। ১১৭(১) অনুচ্ছেদ ১১০ ৰ খণ্ড (১) ৰ (ক) ৰ পৰা (চ) লৈকে উপখণ্ড সমূহত বিনিৰ্দিষ্ট কোনো বিষয়ৰ অৰ্থে উপবন্ধ কৰা কোনো বিধেয়ক অথবা সংশোধন ৰাষ্ট্ৰপতিৰ চুপাৰিছ বিনা উত্থাপিত অথবা প্ৰস্তাবিত কৰিব নোৱাৰিব; আৰু এনে উপবন্ধ থকা কেনো বিধেয়ক ৰাজ্যসভাত উত্থাপিত কৰিব নোৱাৰিব? পৰন্তু, কোনো কৰ হ্ৰাস কৰিবলৈ বা উঠাই দিবলৈ উপবন্ধ কৰি কৰা কোনো সংশোধন প্ৰস্তাৱ কৰিবলৈ এই খণ্ডৰ অধীনত চুপাৰিছৰ প্ৰয়োজন নহব। (২) কেৱল কোনো অৰ্থদণ্ড বা আন আৰ্থিক দণ্ড আৰোপ অৰ্থে বা লাইচেন্সৰ বাবে অথবা কৃত সেৱাৰ বাবে ফিজ দাবী কৰাৰ বা দিয়াৰ বাবে উপবন্ধ কৰিছে বুলিয়েই কিম্বা কেৱল কোনো স্থানীয় প্ৰাধিকাৰী বা নিকায়ৰ দ্বাৰা স্থানীয় প্ৰয়োজনৰ নিমিত্তে কোনো কৰৰ আৰোপণ, বিলোপন, পৰিহাৰ, পৰিৱৰ্তন বা বিনিময় মনৰ উপবন্ধ কৰিছে বুলিয়েই কোনো বিধেয়ক বা সংশোধন উপৰোক্ত বিষয় সমূহৰ কোনোটোৰ বাবে উপবন্ধ কৰা বুলি গণ্য নহব। (৩) কোনো বিধেয়ক অধিনিয়মিত আৰু প্ৰৱৰ্তিত হলে যদি ভাৰতৰ সঞ্চিত নিধিৰ পৰা বায় কৰিব লগা হয় তেনেহলে তেনে বিধেয়ক বিচাৰৰ কাৰণে ৰাষ্ট্ৰপতিয়ে সদনলৈ চুপাৰিছ নকৰিলে, সংসদৰ কোনো সদনৰ দ্বাৰা তাক পাৰিত কৰিব নোৱাৰিব। প্ৰক্ৰিয়া সাধাৰণত ঃ প্ৰক্ৰিয়াৰ নিয়মাবলী। ১১৮ (১) এই সংবিধানৰ উপবন্ধাৱলীৰ সাপেক্ষে সংসদৰ প্ৰত্যেক সদনে নিজ প্ৰক্ৰিয়া আৰু কাৰ্য্য পৰিচালনাৰ বিনিয়মনৰ নিমিত্তে নিয়মাৱলী প্ৰস্তুত কৰিব পাৰে। (২) খণ্ড (১) ৰ অধীনত নিয়মাৱলী প্ৰস্তুত নকৰা পৰ্য্যন্ত, এই সংবিধানৰ প্ৰাৰম্ভণিৰ অব্যবহিত পূৰ্ব্বে ভাৰত ডমিনিয়নৰ বিধান মণ্ডলৰ সম্বন্ধত বলবৎ থকা প্ৰক্ৰিয়াৰ নিয়মাৱলী আৰু স্থায়ী আদেশবোৰ, স্থান বিশেষে ৰাজ্য সভাৰ সভাপতি অথবা লোকসভাৰ অধ্যক্ষই তাত কৰা তেনে ৰূপভেদ আৰু অনুকূলন সাপেক্ষে সুংসদৰ সম্পৰ্কতত প্ৰভাৱী হব। (৩) ৰাজ্য সভাৰ সভাপতি আৰু লোকসভাৰ অধ্যক্ষৰ সৈতে পৰামৰ্শ কৰাৰ পাচত ৰাষ্ট্ৰপতিয়ে উভয় সদনৰ যুটীয়া বৈঠক সম্বন্ধীয় আৰু দুয়োটা সদনৰ মাজত পৰস্পৰ যোগাযোগ সম্বন্ধীয় প্ৰক্ৰিয়াৰ নিয়মাৱলী প্ৰস্তুত কৰিব পাৰে। (৪) দুয়োটা সদনৰ যুটীয়া বৈঠকত লোক সভাৰ অধ্যক্ষ অথবা তেওঁৰ অনুপস্থিতিত খণ্ড (৩) ৰ অধীনত প্ৰস্তুত প্ৰক্ৰিয়াৰ নিয়মাৱলী অনুসাৰে নিৰ্ধাৰিত কোনো ব্যক্তিয়ে অধ্যক্ষতা কৰিব। সংসদৰবিত্তীয় কাৰ্য ১১৯। বিত্তীয় কাৰ্যবিলাক ঠিক সময়ত সমাপ্ত কৰিবৰ প্ৰয়োজনীয়তাৰ বাবে কোনো বিত্তীয় সম্বন্ধীয় প্ৰক্ৰিয়াৰ বিষয়ৰ সম্পৰ্কত অথবা ভাৰতৰ সঞ্চিত নিধিৰ পৰা ধনৰ বিনিয়োজন কৰা কোনো বিধেয়কৰ বিধিৰদ্বাৰা বিনিয়মন। সম্পৰ্কত সংসদে বিধিৰ দ্বাৰা ইয়াৰ প্ৰত্যেক সদনৰ প্ৰক্ৰিয়া আৰু কাৰ্য্য-পৰিচালনা বিনিয়মিত কৰিব পাৰে আৰু এনেকৈ কৰা কোনো বিধিৰ কোনো উপবন্ধ সংসদৰ কোনো সদনে অনুচ্ছেদ ১১৮ৰ খণ্ড (১) ৰ অধীনত কৰা কোনো নিয়ম অথবা সেই অনুচ্ছেদৰ খণ্ড (২)ৰ অধীনত সংসদৰ সম্পকত প্ৰভাৱী হোৱা কোনো নিয়ম বা স্থায়ী আদেশৰ সৈতে যদি অসংগত' হয় তেনেহলে যি পৰ্যন্ত এনে অসংগতি হয় ,সেই পৰ্য্যন্ত সেই উপবন্ধই বাহাল থাকিব।