পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান পঞ্চম ভাগ -সংঘ - অনুচ্ছেদ ৬৬-৬৭ ৬৬ (১) সংসদৰ উভয় সদনৰ সদস্য সকলেৰে গঠিত নিৰ্বাচক-গণৰ সদস্য সকলে] উপৰাষ্ট্ৰপতিৰ আনুপাতিক প্ৰতিনিধিত্ব পদ্ধতি অনুসাৰে একল সংক্ৰমণীয় ভোব দ্বাৰা উপৰাষ্ট্ৰপতি নিৰ্বাচিত নিৰ্বাচন। কৰিব আৰু এনে নিৰ্বাচনত ভোটদান গোপন বেলটৰ দ্বাৰা হব। (২) উপ-ৰাষ্ট্ৰপতি সংসদৰ কোনো সদনৰ কিম্বা কোনো ৰাজ্যৰ বিধান মণ্ডলৰ কোনো সদনৰ সদস্য হব নোৱাৰিব আৰু যদি সংসদৰ কোনোটো সদনৰ কিম্বা কোনো ৰাজ্যৰ বিধান মণ্ডলৰ কোনো সদনৰ সদস্য উপ-ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়, তেনেহলে যি তাৰিখত তেওঁ উপ- ৰাষ্ট্ৰপতি ৰূপে নিজ পদ গ্ৰহণ কৰে সেই তাৰিখৰ পৰা সেই সদনত তেওঁৰ আসন ৰিক্ত কৰি দিছে বুলি গণ্য হব। (৩) কোনো ব্যক্তি উপ-ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচনৰ পাত্ৰ নহব যদিহে তেওঁ (ক) ভাৰতৰ নাগৰিক নহয়; (খ) পয়ত্ৰিশ বছৰ বয়স পূৰ্ণ হোৱা নাই; আৰু (গ) ৰাজ্য সভাৰ সদস্য ৰূপে নিৰ্বাচনৰ কাৰণে অৰ্হতা সম্পন্ন নহয়। (৪) ভাৰত চৰকাৰৰ বা কোনো ৰাজ্য চৰকাৰৰ অধীনত অথবা উক্ত চৰকাৰ বিলাকৰ ফোননাটোৰ নিয়ন্ত্ৰণাধীন কোনো স্থানীয় বা অন্যান্য প্ৰাধিকাৰীৰ অধীনত লাভৰ পদ ধাৰণ কৰি থকা কোনো ব্যক্তি উপ-ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচনৰ কাৰণে পাত্ৰ নৃহব।" স্পষ্টীকৰণ - এই অনুচ্ছেদৰ প্ৰয়োজনৰ বাবে কোনো ব্যক্তি কেবল সংঘৰ ৰাষ্ট্ৰপতি বা উপ-ৰাষ্ট্ৰপতি কিম্বা কোনো ৰাজ্যৰ ৰাজ্যপাল ২* * *] অথবা সংঘৰ বা কোনো ৰাজ্যৰ মন্ত্ৰী হোবাৰ হেতুকেই তেওঁ কোনো লাভৰ পদ ধাৰণ কৰিছে বুলি গণ্য কৰা নহব। কৰিব? ৬৭ উপ-ৰাষ্ট্ৰপতিয়ে তেওঁৰ পদ গ্ৰহণ কৰা তাৰিখৰ পৰা পাঁচ বছৰ কাল পদ ধাৰণ উপৰাষ্ট্ৰপতি পদৰ পদাবধি। পৰস্তু, (ক) ৰাষ্ট্ৰপতিলৈ সম্বোধিত স্বহস্ত লিখনৰ দ্বাৰা উপ-ৰাষ্ট্ৰপতিয়ে তেওঁৰ পদ ত্যাগ কৰিব 'পাৰে; (খ) ৰাজ্য সভাৰ ততকালীন সমূহ সদস্যৰ অধিকাংশৰ দ্বাৰা পাৰিত আৰু লোক সভাৰ দ্বাৰা স্বীকৃত এটি সংকল্পৰ দ্বাৰাই উপ-বাষ্ট্ৰপতিক তেওঁৰ পদৰ পৰা অপসাৰণ কৰিব পৰা যাব; কিন্তু সেই সংকল্প উপস্থাপিত কৰাৰ অভিপ্ৰায় জনাই অন্ততঃ চৈধ্য দিন পূৰ্বে সূচনা নিদিলে এই খণ্ডৰ প্ৰয়োজনৰ বাবে কোনো সংকল্প উপস্থাপিত কৰিব নোৱাৰিব। (গ) উপ-ৰাষ্ট্ৰপতিয়ে পদকালৰ অৱসান হোবা সত্ত্বেও তেওঁৰ উত্তৰাধিকাৰীজনে তেওঁৰ পদ গ্ৰহণ নকৰা পৰ্যন্ত পদ ধাৰণ কৰিয়েই থাকিব। । 1 ১ সংবিধান (একাদশ সংশোধন) অধিনিয়ম, ১৯৬১ ২ ধাৰাৰ দ্বাৰা যুটীয়া বৈঠক সমবেত সংসদৰ উভয় সদনৰ সদস্য সকলে’ৰ ঠাইত প্ৰতিষ্ঠাপিত। ২ সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ৰ ২৯ ধাৰা আৰু অনুসূচীৰ দ্বাৰা ‘বা ৰাজপ্ৰমুথ বা উপ-ৰাজপ্ৰমুখ” শবদসমূহ লোপ কৰা হৈছে।