পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২২ ভাৰতৰ সংবিধান পঞ্চম ভাগ -সংঘ - অনুচ্ছেদ ৬১-৬৫ (৩) যেতিয়া সংসদৰ যিকোনোটো সদনে এনে ধৰণে দোষাৰোপণ কৰে তেতিয়া আনটো সদনে দোষাৰোপটো অনুসন্ধান কৰিব কিম্বা কৰোবাব আৰু এনে অনুসন্ধানত উপস্থিত থকাৰ বাবে আৰু প্ৰতিনিধিত্ব কৰোবাৰ বাবে ৰাষ্ট্ৰপতিৰ অধিকাৰ থাকিব। (৪) যদি অনুসন্ধানৰ ফলস্বৰূপে দোষাৰোপণৰ অনু সম্বন কৰা বা কৰোবা সদনটোৰ মুঠ সদস্য সংখ্যাৰ অন্যূন দুই-তৃতীয়াংশ সংখ্যা গৰিষ্ঠতাৰ দ্বাৰা ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে হোৱা দোষাৰোপণ প্ৰমাণিত হল বুলি ঘোষণা কৰি সংকল্প পাৰিত হয়, তেন্তে এনে সংকল্পৰ ফলত যি তাৰিখে সংকল্পটো এনেদৰে পাৰিত হয় সেই তাৰিখৰ পৰা ৰাষ্ট্ৰপতি তেওঁৰ পদৰ পৰা অপসাৰিত হব। ৬২৷ (১) ৰাষ্ট্ৰপতিৰ পদকাল অবসানৰ হেতুকে হোৱা ৰিক্ততা পূৰ্ণ কৰিবলৈ এনে অবসানব পূৰ্বে নিৰ্বাচন সমাপ্ত কৰিব লাগিব। ৰাষ্ট্ৰপতি পদৰ ৰিক্ততা পূৰ্ণ কৰিবলৈ নিৰ্বাচন পতাৰ সময় আৰু আকস্মিক ৰিক্ততা পূৰ্ণ কৰিবৰ কাৰণে নিৰ্বাচিত ব্যক্তিৰ কাৰ্যকাল। (২) মৃত্যু, পদত্যাগ বা পদৰ পৰা অপসাৰণ বা আন প্ৰকাৰে হোৱা ৰাষ্ট্ৰপতি পদৰ ৰিক্ততা পূৰ্ণ কৰিবৰ কাৰণে ৰিক্ত হোবা তাৰিখৰ পিচত যথা সম্ভব শীঘ্ৰে আৰু সেই তাৰিখৰ পৰা কোনো প্ৰকাৰে ছমাহৰ পিচলৈ নোযোবাকৈ নিৰ্বাচন পাতিব লাগিব; আৰু ৰিক্ততা পূৰ্ণ কৰিবলৈ নিৰ্বাচিত ব্যক্তিজন অনুচ্ছেদ ৫৬ৰ উপবন্ধাবলীৰ সাপেক্ষে, নিজ পদ গ্ৰহণ কৰা তাৰিখৰ পৰা পাঁচ বছৰৰ পূৰ্ণ কালৰ নিমিত্তে পদ ধাৰণ কৰিবলৈ হকদাৰ হব। ৬৩৷ ভাৰতৰ এজন উপ-ৰাষ্ট্ৰপতি থাকিব। ভাৰতৰ উপ ৰাষ্ট্ৰপতি। ৬৪৷ উপ-ৰাষ্ট্ৰপতি ৰাজ্য সভাৰ পদেন সভাপতি হব আৰু তেওঁ অন্য কোনো লাভ পদ ধাৰণ নকৰিব। উপৰাষ্ট্ৰপতি ৰাজ্য সভাৰ পদেন সভাপতি হ'ব। পৰস্তু, যি কালছোবাত উপ-ৰাষ্ট্ৰপতিয়ে অনুচ্ছেদ ৬৫ৰ অধীনত ৰাষ্ট্ৰপতি স্বৰূপে কাৰ্য্য কৰে কিম্বা ৰাষ্ট্ৰপতিৰ কৃত্য নিৰ্বহন কৰে, সেই কালছোৱাত ৰাজ্য সভাৰ সভাপতি পদৰ কৰ্তব্য সমূহ সম্পন্ন নকৰিব আৰু অনুচ্ছেদ ১৭ৰ অধীনত ৰাজ্য সভাৰ সভাপতি প্ৰাপ্য কোনো বেতন বা ভাড়া পাবলৈ হকদাৰ নহব। ৬৫ (১) মৃত্যু, পদত্যাগ বা পদৰ পৰা অপসাৰণ বা আন প্ৰকাৰে ৰাষ্ট্ৰপতি পদ ৰিক্ত হলে, ৰিক্ততা পূৰ্ণ কৰিবলৈ এই অধ্যায়ৰ উপবন্ধ সমূহৰ অনুসাৰে নিৰ্বাচিত হেবা বা নতুন ৰাষ্ট্ৰপতিয়ে নিজ পদ গ্ৰহণ কৰা তাৰিখ পৰ্যন্ত উপ-ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতিৰূপে কাৰ্য্য চলাব। ৰাষ্ট্ৰপতি পদৰ আকস্মিক ৰিক্ততাত কিম্বা তেওঁৰ অনুপস্থিতিত উপৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতি ৰূপে কাৰ্য চলোৱা কিম্বা তেওঁৰ (২) অনুপস্থিতি, অসুস্থতা বা আন কোনো কাৰণত যেতিয়া ৰাষ্ট্ৰপতিয়ে তেওঁৰ কৃত্য নিৰ্বহন কৰিবলৈ অসমূৰ্থ হয় তেতিয়া তেওঁ কৰ্ত্তব্যভাৰ পুনৰ গ্ৰহণ কৰাৰ তাবিথ পৰ্যন্ত, উপ-ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতিৰ কৃত্য নিৰ্বহন কৰিব। (৩) ৰাষ্ট্ৰপতি বৃপে কাৰ্য চোবা কিম্বা বাষ্ট্ৰপতিৰ কৃত্য নিৰ্বহন কৰা কালছোৱাত আৰু সেই কালছোবাৰ সম্বন্ধত উপ-ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতিৰ সকলো ক্ষমতা আৰু উন্মুক্তি পাব আৰ সংসদে বিধিৰ দ্বাৰা নিৰ্ধাৰিত কৰা উপলব্ধি, ভাঙা আৰ বিশেষাধিকাৰ, আৰু সেই বিষয়ে এনে ধৰণে উপবন্ধ নকৰা পৰ্যন্ত দ্বিতীয় অনুসূচীত ৰিনিৰ্দিষ্ট উপলব্ধি, ভাত্তা আৰু বিশেষাধিকাৰ পোবাৰ হকদাৰ হব। কৃত্য নিৰ্বহন